ক’ভিড-১৯ৰ (Covid-19) তৃতীয়টো ঢৌৰ (Third Wave) মাজতে ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC) আৰু অসম হাইমাদ্ৰাছা পৰীক্ষাৰ (AHM) সময়সূচী (Exam List)। অসম মাধ্যমিক শিক্ষা সংসদে (SEBA) শুকুৰবাৰে ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অসম হাইমাদ্ৰাছা পৰীক্ষাৰ সূচী ঘোষণা কৰে।
ছেবাই ঘোষণা কৰা পৰীক্ষা সূচী অনুসৰি ১৫ মাৰ্চৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC) আৰু অসম হাইমাদ্ৰাছা পৰীক্ষা (AHM) আৰম্ভ হ’ব। মাৰ্চ মাহৰ ৩১ তাৰিখে সমাপ্ত হ’ব পৰীক্ষা। ৪ আৰু ৫ মাৰ্চ শুকুৰবাৰ আৰু শনিবাৰে ব্যাৱহাৰিক পৰীক্ষা সমূহ অনুষ্ঠিত হ’ব।
পুৱা ৯ বজাৰ পৰা ১২ বজালৈ আৰু আবেলি ১.৩০ বজাৰ পৰা ৪.৩০ বজালৈ দুটা ভাগত পৰীক্ষা সমূহ অনুষ্ঠিত কৰা হ’ব। ১৫ মাৰ্চত ইংৰাজী বিষয়ৰ পৰীক্ষাৰে ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষা আৰম্ভ হ’ব। ছেবাই ছাত্ৰ-ছাত্ৰী সকলৰ পূৰ্বৰ পৰীক্ষাৰ ভিত্তিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সমূহ ঘোষণা কৰিছিল।
চাওক পৰীক্ষাৰ সময়সূচীঃ

Photo & Input: Khatang Khobor




























Discussion about this post