সৰ্থেবাৰীত (Sarthebari) পুনৰ সংঘটিত হ’ল চুৰিকাণ্ড (Thief Case)। একেদিনাই তিনিটাকৈ চুৰিকাণ্ড সংঘটিত হয়। দুদিন পূৰ্বে সৰ্থেবাৰীৰ দীপক ডেকাৰ ঘৰত চোৰে চলাইছিল চাফাই অভিযান। আৰু দেওবাৰে সৰ্থেবাৰীৰ বাপুজী নগৰৰ অমীয় ডেকাৰ ঘৰত চোৰে চলালে চাফাই অভিযান। সৰ্থেবাৰীৰ সভা মহোৎসৱ চলি থকাৰ মাজতে চোৰে সৰ্থেবাৰীত (Sarthebari) চলাইছে সন্ত্ৰাস। দেওবাৰে নিশা জীৱন বীমা নিগমৰ কৰ্মচাৰী অমীয় ডেকাই সভা চাবলৈ যোৱাৰ সুযো গ্ৰহণ কৰি চোৰে অমীয় ডেকাৰ ঘৰৰ টলা ভাঙি (Thieves Loot Money And ATM Card) ঘৰত প্ৰবেশ কৰি সোণৰ আ-অলংকাৰৰ লগতে দুখন এটিএম কাৰ্ড লৈ যায়।
ইপিনে বাপুজী নগৰৰ পেট্ৰ’ল পাম্পৰ সমীপৰ পৰা এখন বুলেট চুৰি হোৱা বুলি জানিব পৰা গৈছে। চুৰি হোৱা বুলেট খনৰ নম্বৰ হ’ল AS 15 S 3100। লগতে জীৱন বীমা নিগমৰ কৰ্মচাৰী ধনজিৎ ডেকাৰ ঘৰতো চোৰে চলালে চাফাই অভিযান। ধনজিৎ ডেকাৰ ঘৰৰ পৰা চোৰে নগদ এক লাখ টকা আৰু সোণৰ আ-অলংকাৰ চুৰি কৰি লৈ যায়।
Photo & Input: Kamal Deka




























Discussion about this post