পোহৰৰ উৎসৱ দীপাৱলীৰ আনন্দৰ মাজতে সৰ্থেবাৰীৰ (Sarthebari) আমৃখোৱাত সংঘটিত হ’ল ভয়ংকৰ অগ্নিকাণ্ড (Fire)। সৰ্থেবাৰীৰ আমৃখোৱা গাঁৱৰ কৃষ্ণহৰি ডেকাৰ ঘৰত শুকুৰবাৰে সন্ধিয়া অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। চিলিণ্ডাৰ বিস্ফোৰণ হৈ আতংকৰ সৃষ্টি হয়।
সম্পূৰ্ণৰূপে জ্বলি ভষ্মীভূত হয় কৃষ্ণহৰি ডেকাৰ বাসগৃহ। একেদৰে গোহালি ঘৰতো জুই লগাৰ ফলত কৃষ্ণহৰি ডেকাৰ পোহনীয়া ১৭টা ছাগলী পুৰি ছাই হৈ যায়। অৱশ্যে এই অগ্নিকাণ্ডত কোনো লোকৰ ক্ষয়-ক্ষতি হোৱা নাই।
পৰৱৰ্তী সময়ত এই স্থানীয় লোকৰ সহায়ত আৰু সৰ্থেবাৰী আৰক্ষী থানাৰ উপ-পৰিদৰ্শক বিপুল শৰ্মাৰ নেতৃত্বত অগ্নি নিৰ্বাপক বাহিনীৰ দল এটাই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।
নিমিষতে গৃহহীন হৈ পৰিল দুখীয়া পৰিয়ালটো। পোহনীয়া ছাগলী কেইটাও অগ্নিকাণ্ডত জাহ যোৱাৰ ফলত বৃহৎ ক্ষতি হয় কৃষ্ণহৰি ডেকাৰ।
ইফালে শুকুৰবাৰে নিশা কলিয়াবৰতো ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত। জখলাবন্ধাৰ ৰাঙলুৰ পাহাৰগুৰি গাঁৱৰ এঘৰত সংঘটিত হৈছে এই অগ্নিকাণ্ড। এটা খেৰৰ মেজিৰ পৰা অগ্নিকাণ্ড সংঘটিত হয় বুলি জানিব পৰা গৈছে। খেৰৰ মেজিত লগা জুইয়ে আগুৰি ধৰে বাসগৃহটোত।
ঘটনাস্থলীত কলিয়াবৰ অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।
অগ্নিকাণ্ডত কথমপি প্ৰাণ ৰক্ষা পৰিয়ালটোৰ। ক্ষয়-ক্ষতিৰ পৰিমাণ এতিয়াও জানিব পৰা হোৱা নাই। চিটিকি অহা ফটকাৰ ফিৰিঙতিৰ পৰা অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ স্থানীয় লোকৰ।
Photo & Input: কমল ডেকা আৰু ৰাজ হাজৰিকা
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/horrific-road-accident-at-majuli-two-person-died/4195/
Discussion about this post