ৰাজ্যবাসীৰ লগতে অসমীয়া ছবি জগতৰ বাবে এটা খুবেই দুখলগা খবৰ (Sad News)। উদীয়মান অভিনেতা কিশোৰ দাসৰ শেষ নিশ্বাস ত্যাগ (Assamese Actor Kishor Das Passes Away)।
কৰ্কট ৰোগৰ সৈতে যুঁজি অৱশেষত হাৰ মানিলে সুদৰ্শন অভিনেতাগৰাকীয়ে (He Was Suffering From Cancer)। প্ৰায় এবছৰ ধৰি কৰ্কট ৰোগৰ সৈতে যুঁজি আছিল যুৱ অভিনেতাগৰাকী। চেন্নাইত চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটে অভিনেতা কিশোৰ দাসে (He Was Undergoing Treatment At Chennai)।
অসমীয়া মিউজিক ভিডিঅ’ৰ লগতে কেইবাখনো জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰা সুদৰ্শন অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰে ব্যথিত কৰি তুলিছে ৰাজ্যবাসীৰ লগতে অসমীয়া চলচ্চিত্ৰ জগতক।
জুবিন গাৰ্গকে ধৰি বিভিন্নজনে চিকিৎসাৰ ক্ষেত্ৰত সহায়-সহযোগিতা আগবঢ়াইছিল যদিও সকলোকে এৰি গুচি গ’ল কিশোৰে (Assamese Actor Kishor Das Passes Away)। অসমীয়া অভিনেতা-অভিনেত্ৰীৰ লগতে অন্য শিল্পীসকলেও কিশোৰৰ দাসৰ মৃত্যুক শোকপ্ৰকাশ কৰে। #RIPKishorDas
Photo: Google
Published By: Dulu Medhi
আৰু পঢ়কঃ https://khatangkhobor.com/news/two-girls-missing-from-27-th-june-at-tinsukia-in-assam/10160/
Discussion about this post