বৃহস্পতিবাৰৰ পৰা পুনৰ আৰম্ভ হ’ল গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ৰোপৱে’ সেৱা। পুৱা ৮:৩০ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ চলিব এই ৰোপৱে’ সেৱা।
ক’ভিডৰ সকলো নীতি-নিয়ম মানি ৰোপৱে’ত উঠিব পাৰিব যাত্ৰীসকল। ক’ভিডৰ বাবে ৬ মে’ৰ পৰা বন্ধ ৰখা হৈছিল ৰোপৱে’ সেৱা।
ইফালে ৰোপৱে’ সেৱা পুনৰ আৰম্ভ হোৱাৰ লগে লগে বৃদ্ধি কৰিলে ইয়াৰ ভাড়া। পূৰ্বে ভাড়া দিব লাগিছিল ১০০ টকা কিন্তু আজিৰে পৰা ৰোপৱে’ত উঠিলে দিব লাগিব ১৫০ টকা। এবাৰ ৰোপৱে’ৰে পাৰ হ’লে ৬০ টকাৰ পৰা ১০০ টকালৈ দিব লাগিব ভাড়া।
কিন্তু ৩ বছৰৰ পৰা ১২ বছৰৰ শিশু আৰু জ্যেষ্ঠ নাগৰিকৰ ভাড়া হ্ৰাস কৰি আধা কৰা হৈছে। বিশেষভাৱে সক্ষম লোকৰ পৰা ভাড়া লোৱা নহ’ব। GMD এই এক জাননীযোগে এই কথা প্ৰকাশ কৰিছে।
Photo: Google




























Discussion about this post