গোলাঘাটৰ (Golaghat) ফৰ্কাটিঙত (Forkating) পথ দুর্ঘটনাত (Road Accident) থিতাতে নিহত এজন যুৱক (One Youth Died)। গোলাঘাটত দিনক দিনে বৃদ্ধি পাইছে তীব্ৰবেগী ডাম্পাৰ চালকৰ উদ্ভণ্ডালি। মঙলবাৰে সন্ধিয়া ফকাটিঙৰ শিঙিজান দলঙৰ সমীপত AS 02B 5585 নম্বৰৰ দ্ৰুতবেগী ডাম্পাৰ খুন্দাত AS 03W 4540 নম্বৰৰ এখন Alto চাৰি চকীয়া বাহনৰ মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত থিতাতে প্ৰাণ হেৰুৱাব লগীয়া হয় Alto চালক অংকুৰ শইকীয়াই (Ankur Saikia)।
গোলাঘাট আৰক্ষীৰ (Golaghat Police) সূত্ৰে জানিব পৰা মতে এই দুৰ্ঘটনাৰ খবৰ পাই ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসকে মৃত বুলি ঘোষণা কৰে। দুৰ্ঘটনাত নিহত হোৱা Alto চালক অংকুৰ শইকীয়া নগবাটৰ বাসিন্দা আৰু ফৰ্কাটিং মহাবিদ্যালয়ৰ অধ্যাপক হিচাপে কৰ্মৰত আছিল।
Photo & Input: Krishnakhi Bora
Discussion about this post