বঙাইগাঁও (Bongaigaon) জিলাত ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident)। থিতাতে মৃত্যু (Death) ভগ্নী, আহত ভাতৃক চিকিৎসালয়লৈ প্ৰেৰণ। বঙাইগাঁও জিলাৰ সিদলসতীত নিশা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো।
দ্ৰুতবেগী ডাম্পাৰে মহতিয়ালে স্কুটি আৰোহী ভাতৃ-ভগ্নীক। থিতাতে মৃত্যু হয় ভগ্নী মণিকা ৰায়ৰ। বঙাইগাঁও (Bongaigaon) জিলাৰ গেৰুকাবাৰীৰ প্ৰদীপ ৰায় (৩৮) আৰু ৰায়ৰ ভগ্নী মণিকা ৰায়ে (২৬) চিকিৎসাৰ বাবে গৈছিল অভয়াপুৰী চহৰলৈ।
তাৰপৰা ৰাষ্ট্ৰীয় ঘাইপথেৰে ঘৰলৈ উভতাৰ পথত জিলাখনৰ সিদলসতীত ৰাষ্ট্ৰীয় পথৰ গতিৰোধকত স্থানত, পাছফালৰ পৰা অহা এখন দ্ৰুতবেগী ডাম্পাৰ বাহনে খুন্দিয়াৰ ফলত মণিকা ৰায়ৰ থিতাতে মৃত্যু ঘটে ৷ কথমপি ৰক্ষা পৰে ভাতৃ প্ৰদীপ ৰায়।
দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰ বাহনখন ঘটনা সংঘটিত কৰি পলায়ন কৰে। পাছত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আহত মৃতকৰ ভাতৃ প্ৰদীপ ৰায়ক বঙাইগাঁৱৰ ল’ৱাৰ আছাম হাস্পাতাল এণ্ড ৰিছাৰ্চ চেণ্টাৰত ভৰ্তি কৰোৱায়। প্ৰদীপ ৰায় সম্প্ৰতি বিপদমুক্ত। মেধাৱী ছাত্ৰী মণিকা ৰায়ৰ অকাল মৃত্যুত গেৰুকাবাৰী অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে।
Photo & Input: সৌৰভ জ্যোতি দাস
আৰু পঢ়কঃ https://khatangkhobor.com/news/international/fishermen-found-boxes-of-iphones-and-macbooks/5447/
Discussion about this post