অকলশৰীয়া মাতৃৰ বুকু শুদা কৰিলে কৰি সকলোকে কন্দুৱাই অজান দেশলৈ গুচি গ’ল কিশোৰ দাস (Actor Kishor Das)। কিশোৰৰ মৃত্যুত এতিয়া শোকস্তব্ধ ৰাজ্যবাসী। মিউজিক ভিডিঅ’ৰ জৰিয়তে সকলোৰে মাজত জনপ্ৰিয় হৈ পৰা ল’ৰাটো আজি আমাৰ মাজত নায় (Assamese Actor Kishor Das Passes Away)।
কৰ্কট ৰোগত আক্ৰান্ত হৈছিল কিশোৰ দাস (He Was Suffering From Cancer)। কিছু দিন গুৱাহাটীৰ হেল্থ চিটি হাস্পতালতে চিকিৎসাধীন হৈ থাকি অসমবাসীৰ আশীৰ্বাদ শিৰত লৈ চিকিৎসাৰ বাবে গৈছিল মুম্বাইলৈ। তাৰ পিছত চেন্নাইত চলি আছিল অসমৰ উদীয়মান জনপ্ৰিয় অভিনেতাগৰাকীৰ (Famous Actor) কৰ্কট ৰোগৰ চিকিৎসা।
লাহে লাহে সুস্থও হৈ উঠিছিল কিশোৰ। হাস্পতালৰ পৰাই অসমৰ অনুৰাগী সকললৈ তেওঁ মাজে মাজে পঠিয়াইছিল ভিডিঅ’ বাৰ্তা। কেতিয়াবা যদি পুস্পাৰ গীতত তেওঁ নাচিছিল, কেতিয়াবা আকৌ শয্যাগত হৈয়ে ওঁঠ মিলাইছিল পাপনৰ ‘কৈ নিদিয়া কিয়’ গীতত।
শেহতীয়াকৈ তেওঁ অভিনীত সদ্য মুক্তিপ্ৰাপ্ত ছবিখন চাবলৈ ছবিপ্ৰেমীক আহ্বান জনাইছিল ভিডিঅ’যোগে। সেই ভিডিঅ’টোতে তেওঁ ৰোমন্থন কৰিছিল ছবিখনৰ সৈতে জড়িত কিছু ৰসাল মুহূৰ্তৰ। কৈছিল- কিদৰে ডাবিঙৰ সময়ত হাঁহিবলগীয়া হোৱাত তেওঁ বাৰে বাৰে প্ৰচণ্ড পেটৰ বিষত ভুগিছিল…!
আৰু পঢ়কঃ https://khatangkhobor.com/news/sad-news-assamese-actor-kishor-das-passes-away/10163/
কৰ্কট ৰোগৰ সৈতে যুঁজি থকাৰ সময়তে হাস্পতালত কোভিডত আক্ৰান্ত হয় অভিনেতাগৰাকী। তাৰ পিছত আৰু নিষ্ঠাৰ নাপালে তেওঁ। লাহে লাহে সুস্থ হ’বলৈ ধৰা সুদৰ্শন যুৱকজনৰ স্বাস্থ্যৰ পুনৰ অৱনতি ঘটিবলৈ ধৰে। আৰু অৱশেষত হাস্পতালতে চিৰবিদায় লয় অসমৰ সকলোৰে মৰমৰ অভিনেতাগৰাকীয়ে।
কিন্তু পৰিয়ালৰ তথা মাতৃৰ এই দুখৰ মাজতে আন এটা দুখে হেঁচা মাৰি ধৰিছে তেওঁলোকক। অসমলৈ আনিব নিদিয়ে অভিনেতা কিশোৰ দাসৰ নশ্বৰদেহ। মৃত্যুৰ সময়ত ক’ভিডত আক্ৰান্ত হৈছিল অভিনেতাজন। কিন্তু পৰিয়ালে বিচাৰিছে কিশোৰৰ শেষকৃত্য সম্পন্ন হওক নিজৰ জন্মভূমিতে। সেইবাবেই অভিনেতাগৰাকীৰ নশ্বৰ দেহ ঘূৰাই অনাৰ ক্ষেত্ৰত অসম চৰকাৰৰ সহায় বিচাৰিছে পৰিয়ালৰ লোকে।
Photo: Time8 And News8 Northeast
Discussion about this post