ৰকিবুল হুছেইনক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত এজন যুৱকক আটক। আৰক্ষীয়ে আটক কৰা যুৱকজন কংগ্ৰেছৰ সংখ্যালঘূ কোষৰ সাধাৰণ সম্পাদক ছৈয়দ জাহিদুৰ ৰহমান। বুধবাৰে নিশা নগাঁও আৰক্ষীৰ এটা দলে গুৱাহাটীৰ পৰা আটক কৰে জাহিদুৰ ৰহমানক।
ছৈয়দ জাহিদুৰ ৰহমানে কংগ্ৰেছৰ ধ্বংসৰ বাবে ৰকিবুল হুছেইনক ফোনত জগৰীয়া কৰিছিল। ইয়াৰ পাছতে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে নগাঁৱত এক সংবাদমেল পাতি বিষয়টো ৰাজহুৱা কৰাৰ লগতে নগাঁও সদৰ থানাত এক এজাহাৰ দাখিল কৰিছিল।
ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে সেই ফোন ৰেকডিঙৰ অডিঅ’ ক্লিপ। জাহিদুৰ ৰহমান ৰকিবুল হুছেইনৰ একালৰ অতি ঘনিষ্ঠ বুলি জানিব পৰা গৈছে। তৎস্বতেও ৰকিবুলে জাহিদুৰ ৰহমাক কিয় চিনি নোপোৱা বুলি সংবাদ মাধ্যমক জনালে সেইটো ৰহস্যজনক।
অবশ্যে যুৱকজনে মৃত্যুৰ ভাবুকি দিয়াৰ কথা অস্বীকাৰ কৰি কয় যে, ৰকিবুল হুছেইনে নিজৰ নিৰাপত্তাৰক্ষী বৃদ্ধি কৰিবৰ বাবেই এনে ষড়যন্ত্ৰ কৰিছে। এই ক্ষেত্ৰত তেওঁ আৰক্ষীক পূৰ্ণ সহযোগিতা কৰাৰ কথাও জানিবলৈ দিয়ে সংবাদ মাধ্যমক।
সম্প্ৰতি নগাঁও আৰক্ষীয়ে ৰকিবুল হুছেইনৰ এজাহাৰৰ ভিত্তিত জাহিদুৰ ৰহমানক আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে।
Photo & Input: ৱাহিদুদ জামান
Discussion about this post