‘GNRCৰ ওপৰৰ পৰা মই জাঁপ মাৰি দিম। পুৱাৰ পৰা মোৰ ছবাৰকৈ পেণিক এটেক আহিছে।’- ডাক্তৰ নৱনীল বৰুৱালৈ মেছেজ দিছিল ৰাজকন্যা বৰুৱাই। বিষয়টো বৰুৱাই অৱগত কৰোৱাইছিল DGPক।
ইফালে এই সন্দৰ্ভত শনিবাৰে প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত সাংবাদিকক সম্বোধন কৰি DGP ভাস্কৰজ্যোতি মহন্ত (DGP Bhaskar Jyoti Mahanta)ই স্বীকাৰ কৰে যে ৰাজকন্যা বৰুৱা (Rajkanya Baruah)ক লৈ তেওঁক যোগাযোগ কৰিছিল ডঃ নৱনীল বৰুৱা (Dr Navanil Baruah)ই।
DGP ভাস্কৰজ্যোতি মহন্তৰ সংবাদমেল-
DGP ভাস্কৰজ্যোতি মহন্তই সংবাদমেলত কয় যে, ‘৪ অক্টোবৰত ডঃ নৱনীল বৰুৱাই মোলৈ ফোনত মেছেজ কৰাতো হয়। যুৱতীগৰাকীৰ স্বাস্থ্য সন্দৰ্ভত তেওঁ মোক জনাইছিল।’ ভাস্কৰজ্যোতি মহন্তই লগতে কয় যে- নৱনীল বৰুৱাই মোক সুধিছিল যে আমি ৰাজকন্যা বৰুৱাক গ্ৰেপ্তাৰ কৰিম নেকি। মই কৈছিলো হয় তেওঁক গ্ৰেপ্তাৰ কৰা হ’ব।
ডঃ নৱনীল বৰুৱাই DGPৰ সৈতে কথা পতা বুলি ওলোৱা বাতৰি সন্দৰ্ভত এইদৰে স্পষ্টীকৰণ দিলে DGP ভাস্কৰজ্যোতি মহন্তই।
Photo: Khatang Khobor
Discussion about this post