১ অক্টোবৰৰ মাজনিশা গুৱাহাটীৰ (Guwahati) ৰাজপথত সংঘটিত হৈছিল এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident)। দুৰ্ঘটনাটোত মডেল ৰাজকন্যা বৰুৱাই সুৰামত্ত অৱস্থাত গাড়ী চলাই মহটিয়াই নিছিল ৮জনকৈ শ্ৰমিকক। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছিল আটাইকেইজন শ্ৰমিক। ঘটনাস্থলীতে ছিঙি গৈছিল এজন শ্ৰমিকৰ ভৰি। পাছলৈ চিকিৎসালয়ত আনখন ভৰিও কাটিবলগীয়া হৈছিল।
উল্লেখ্য এই ঘটনাৰ সৈতে সাঙুৰ খাইছিল GNRCৰ চিকিৎসক নৱনীল বৰুৱাৰ (Navanil Baruah) নামো। দিছপুৰ আৰক্ষীয়ে (Dispur Police) চমন জাৰি কৰাৰ পিছত তিনিদিন চিকিৎসক নৱনীল বৰুৱাক জেৰা চলোৱা হৈছিল। তাৰপিছতেই আজি দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নৱনীল বৰুৱাক।
উল্লেখ্য কোনো অসুস্থতা নোহোৱাকৈয়ে নৱনীল বৰুৱাই ৰাজকন্যাক বৰুৱাক আই চি ইউত ভৰ্তি কৰোৱাৰ অভিযোগ উত্থাপন হৈছিল। মডেল ৰাজকন্যা বৰুৱাৰ (Rajkanya Baruah) স্বাস্থ্যৰ প্ৰকৃত অৱস্থা জানিবলৈ গঠন কৰা হৈছিল ৬ জনীয়া মেডিকেল বোৰ্ড।
মেডিকেল বোৰ্ডৰ প্ৰতিবেদনৰ ওপৰত নিৰ্ভৰ কৰিয়েই আৰক্ষীয়ে ৰাজকন্যাক গ্ৰেপ্তাৰ কৰিছিল। লগতে GNRCত চিকিৎসাধীন হৈ থকা ৰাজকন্যা বৰুৱাক কোনো অসুস্থতা নথকা স্বত্তেও চিকিৎসালয়ৰ আইচিইউত ৰাখি ৰক্ষণাবেক্ষণ দিয়া ঘটনাৰ বাবে GNRCৰ জ্যেষ্ঠ চিকিৎসক ডাঃ নৱনীল বৰুৱাকো তদন্তৰ আওতালৈ অনা হৈছিল।
Photo: Khatang Khobor
Discussion about this post