ৰাজ্যত অব্যাহত নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ। মহানগৰীত (Guwahati) হেৰ’ইনসহ জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা (Ganja Seized)। গুৱাহাটী ৰে’লৱে ষ্টেচনত (Guwahati Railway Station) জব্দ এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি। মুঠ ৫৫ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় ৰে’লৱে আৰক্ষী বিভাগে। সাধাৰণ তালাচীৰ সময়তে এই গাঞ্জাখিনি জব্দ কৰে।
মঙলবাৰে পুৱা আৰপিএফৰ তালাচীত পল্টনবজাৰ ৰে’লৱে ষ্টেচনত (Paltan Bazar Railway Station) জব্দ হ’ল বুজন পৰিমাণৰ গাঞ্জা ৷ আগৰতলা-আনন্দ বিহাৰ তেজছ এক্সপ্ৰেছৰ পৰা আৰপিএফে জব্দ কৰে গাঞ্জাখিনি ৷ জব্দ হোৱা গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ৬ লাখ টকা৷
বৰ্তমানলৈকে কোনো লোকক আটক কৰা নাই আৰক্ষীয়ে। গাঞ্জা খিনি এনেদৰে বেগৰ ভিতৰত ভৰাই কোনে আনিছিল সেই সন্দৰ্ভত জানিব পৰা হোৱা নাই। তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
আনহাতে সোমবাৰে নিশা মহানগৰীৰ লালমাটিত চলা বশিষ্ট আৰক্ষীৰ অভিযানত ৪ গ্ৰাম হেৰ’ইনসহ এজন সৰবৰাহকাৰী গ্ৰেপ্তাৰ হয় ৷ ধৃত সৰবৰাহকাৰী।
ধৃত সৰবৰাহকাৰীটো ধনমণি মহন্ত ৷ ধনমণি মহন্তৰ পৰা বশিষ্ঠ আৰক্ষীয়ে ড্ৰাগছৰ লগতে জব্দ কৰে ৭ হাজাৰ ৫শ টকা।
Photo & Input: Khatang Khobor
Discussion about this post