প্ৰধানমন্ত্ৰী মোডী ডাঙৰীয়াই সম্ৰাট নিৰুৰ দৰে নিৰ্লিপ্ত এফালে আদানী-আম্বানীক পৃথিৱীৰ ভিতৰত ধনী মানুহ হ’বলৈ সহায় কৰিছে আনফালে দুখীয়া মানুহক পদদলিত কৰি শোষণ কৰি আহিছে। নিবনুৱা সমস্যাই আজি দৈত্যৰ ৰূপ ধাৰণ কৰিছে।
দুখীয়া মানুহৰ উপাৰ্জন নোহোৱা হৈছে। তাৰ ওপৰতে ভূতৰ ওপৰত দানহ পৰাদি মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ মানুহৰ জীৱন যাত্ৰা দুৰ্বিসহ কৰি তুলিছে। কিন্তু ইমানৰ পিছটো মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে নিৰ্লিপ্ত হৈ কেৱল মানুহৰ মাজত ভাগ ভাগ কৰি হিংসা বিদ্বেষ আৰু ঘৃণাৰ ৰাজনীতি কৰিছে।
বিজেপি নেতৃত্বাধীন দিল্লী আৰু দিছপুৰ চৰকাৰৰ বিৰুদ্ধে শনিবাৰে নগাঁৱত এনেদৰেই সৰৱ হৈ উঠিল নগাঁৱৰ সাংসদ তথা জ্যষ্ঠ কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈ। শনিবাৰে নগাঁও চহৰত এক প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈ সাংবাদিকৰে হোৱা কথা বাৰ্তাত বিজেপি চৰকাৰৰ বিৰুদ্ধে এনেদৰে সোচ্চাৰ হৈ পৰে সাংসদ বৰদলৈ।
নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নিৰ্দেশত আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আহ্বানত পেট্ৰ’ল, ডিজেল আৰু ৰন্ধন গেছকে ধৰি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে এক প্ৰতিবাদী চাইকেল সমদল বাহিৰ কৰে নগাঁও জিলা কংগ্ৰেছে। প্ৰতিবাদকাৰী কংগ্ৰেছ কৰ্মীসকলে হাতে-হাতে চৰকাৰ বিৰোধী বেনাৰ পোষ্টাৰ লৈ মূল্যবৃদ্ধি ৰোধ কৰক, বিজেপি চৰকাৰ হায় হায় আদি শ্লোগানেৰে কঁপাই তোলে নগাঁৱৰ আকাশ-বতাহ।
Photo: Khatang Khobor
Discussion about this post