অৱশেষত দীপাৱলীৰ দিনাই ৰাজ্য চৰকাৰে দিলে অসমবাসীক দিলে দীপাৱলীৰ (Diwali) উপহাৰ। কেন্দ্ৰীয় চৰকাৰৰ লগতে অসম চৰকাৰেও সাধাৰণ জনতাক দিছে ভাল খবৰ।
পেট্ৰ’ল আৰু ডিজেলৰ (Petrol and diesel Price) ওপৰত থকা ভেট ৭ টকাকৈ হ্ৰাস অসম চৰকাৰৰ (Assam Govt)। টুইটাৰযোগে এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma)।
এদিনতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে মিলি পেট্ৰ’লৰ লিটাৰত ১২ টকা আৰু ডিজেলত ১৭ টকা হ্ৰাস কৰে। অসমৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে ৰাজ্যত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ৭ টকাকৈ হ্ৰাস কৰাৰ কথা ঘোষণা কৰে।
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনাৰ অন্তত ৰাজ্য চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত আৰোপিত ভেট ৭ টকাকৈ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে বুলি হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে প্ৰকাশ কৰে। উল্লেখযোগ্য যে, বুধবাৰে কেন্দ্ৰ চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ক্ৰমে ৫ টকা আৰু ১০ টকা হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত আৰোপিত কৰ হ্ৰাস কৰাৰ কথা ঘোষণা কৰাৰ পাছতে এতিয়া অসমত পেট্ৰ’লৰ মূল্য সৰ্বমুঠ ১২ টকা আৰু ডিজেলৰ মূল্য সৰ্বমুঠ ১৭ টকা হ্ৰাস পালে।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/national/madhya-pradesh-police-head-constable-house-raided/4154/
Discussion about this post