সাধাৰণ জনতাৰ মূৰত মাধমাৰ। পেট্ৰ’ল (Petrol) আৰু ডিজেলৰ (Diesel) লগতে বৃদ্ধি পালে ঘৰুৱা চিলিণ্ডাৰৰো (Cylinder Price) দাম। বিদ্যুৎ মাচুলৰ পিছত এইবাৰ বাঢ়িল পেট্ৰ’পণ্যৰ দাম (Price Hike) । বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ লগতে ঘৰুৱা চিলিণ্ডাৰৰো দাম।
ঘৰুৱা চিলিণ্ডাৰৰ মূল্য বৃদ্ধি হ’ল সমগ্ৰ দেশতে। প্ৰতিটো চিলিণ্ডাৰত ৫০ টকাকৈ বৃদ্ধি কৰিলে মূল্য। ৫০ টকা বৃদ্ধি হোৱাৰ ফলত ৰাজধানী দিল্লীত ৯৪৯.৫ টকা হৈছে এটা চিলিণ্ডাৰৰ দাম।
সমানে সমানে দেশৰ অন্য তিনি মূখ্য চহৰ কলিকতাত ৯৬৭ টকা, মুম্বাইত ৯৪৯.৫ টকা আৰু চেন্নাইত ৯৬৯.৬ টকা হৈছে চিলিণ্ডাৰৰ দাম। আনহাতে ৪ মাহৰ মূৰত দেশত পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ দাম।
সোমবাৰে নিশাৰে পৰা কাৰ্যকৰী হৈছে পেট্ৰ’ল-ডিজেলৰ (Petrol-Diesel New Price) নতুন মূল্য। গুৱাহাটীত (Guwahati) পেট্ৰ’ল বৃদ্ধি পালে ৮৮ পইচা। আনহাতে ডিজেলত বৃদ্ধি পালে ৬৯ পইচা।
ইফালে, দিল্লী- পেট্ৰ’ল- ৯৬.২১ টকা, ডিজেল- ৮৭.৪৭ টকা।
মুম্বাই- পেট্ৰ’ল- ১১০.৮২ টকা, ডিজেল- ৯৫.০০ টকা।
চেন্নাই- পেট্ৰ’ল- ১০২.১৬ টকা, ডিজেল- ৯২.১৯ টকা।
কলিকতা- পেট্ৰ’ল- ১০৫.৫১ টকা, ডিজেল- ৯০.৬২ টকা।
ইপিনে সৰ্বসাধাৰণক মাধমাৰ শোধাই বৃদ্ধি পালে বিদ্যুতৰ মাচুল। প্ৰতি ইউনিটত ৫৯ পইচাকৈ বৃদ্ধি বিদ্যুতৰ মাচুল। ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব এই নতুন নিৰিখ।
Photo: Google
Discussion about this post