প্ৰতিদিনে বৃদ্ধি হৈয়ে আছে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য (Petrol-Diesel Price Hike)। সাধাৰণ জনতাৰ মূৰত মাধমাৰ শোধাই বিগত ১০ দিনত ৯ বাৰকৈ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য।
আজি অৰ্থাৎ বৃহস্পতিবাৰেও পুনৰ বৃদ্ধি পালে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য (Petrol-Diesel Price)। ৰাজ্যৰ অন্যান্ন প্ৰান্তৰ লগতে গুৱাহাটী (Guwahati) মহানগৰীতো শতকৰ ঘৰ অতিক্ৰম কৰিলে পেট্ৰ’লৰ মূল্যই।
আৰু পঢ়কঃ https://khatangkhobor.com/news/petrol-and-diesel-price-hike-in-assam/7901/
আজি প্ৰতিলিটাৰ পেট্ৰ’লত ৮৯ পইচা বৃদ্ধি পোৱাৰ বিপৰীতে প্ৰতিলিটাৰ ডিজেলত বৃদ্ধি পাইছে ৮৪ পইচাকৈ। গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য হ’লগৈ ১০১.৬৭ টকা। আনহাতে গুৱাহাটীত প্ৰতিলিটাৰ ডিজেলৰ দাম হৈছে ৮৭.৫৯ টকা।
ঢকুৱাখনাত (Dhakuakhana) প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ১০৪.৯৯ টকা। মাজুলীত (Majuli) পেট্ৰ’লৰ দাম প্ৰতিলিটাৰত ১০৪.১৩ টকা। আনহাতে, অসমৰ ভিতৰত সৰ্বাধিক বৰপেটাৰোডত (Barpeta Road) পেট্ৰ’লৰ দাম প্ৰতিলিটাৰত ১০৬.২৫ টকা। ডবকাত (Dabaka) আজি পেট্ৰ’লৰ দাম ১০২.৫৬ টকা, ডিজেলৰ ৮৮.৪৪ টকা।
উল্লেখ্য যে, ২২ মাৰ্চৰ পৰা ধাৰাবাহিকভাৱে বাঢ়ি আছে পেট্ৰ’ল-ডিজেলৰ দাম। মাজতে ২৪ মাৰ্চত বৃদ্ধি পোৱা নাছিল পেট্ৰ’ল-ডিজেলৰ দাম। দিল্লীত (Delhi) পেট্ৰ’লৰ মূল্য এতিয়া প্ৰতি লিটাৰত ১০১.৮১ টকা।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/national/creepy-snake-choosen-atm-machine-watch-viral-video/7923/
Discussion about this post