নগাঁৱত আৰক্ষী অধীক্ষক হিচাপে আনন্দ মিশ্ৰই যোগদান কৰাৰ পাছৰে পৰাই জিলাখনত নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তুলিছে নগাঁও আৰক্ষীয়ে। এইবাৰ বৃহৎ চুলাই প্ৰস্তুত কৰা ঘাটিত অভিযান চলালে নগাঁও আৰক্ষীৰ এটা দলে।
বুধবাৰে বিয়লি নগাঁও চহৰৰ সমীপৰ বৰভেটিৰ মহিলা সমিতিয়ে আৰক্ষী অধীক্ষক আনন্দ মিশ্রক দিয়া এক অভিযোগৰ পিছতেই তৎপৰ হৈ পৰে আৰক্ষীৰ দল। ইয়াৰ পাছতে আৰক্ষী অধীক্ষক আনন্দ মিশ্রৰ নিৰ্দেশমৰ্মে নগাঁও নগৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া কুন্দন ৰবি দাসৰ নেতৃত্বত এটা বৃহৎ আৰক্ষীৰ দলে অভিযান চলাই শিমলুগুৰি অঞ্চলত।
য’ত উপস্থিত থাকে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ নিজেই। অভিযানকালত আৰক্ষীয়ে তিনিহাজাৰ লিটাৰ চুলাই মদ জব্দ কৰাৰ লগতে চুলাই মদ প্ৰস্তুত কৰাত ব্যৱহৃত বহু সামগ্ৰীও জব্দ কৰে আৰক্ষীৰ অভিযানকাৰী দলে।
অভিযানৰ সময়ত শিমলুগুৰি অঞ্চলৰ পৰা চুলাই মদৰ ব্যৱসায়ৰ লগত জড়িত চাৰিজনকৈ লোকক আৰক্ষীয়ে আটক কৰে।
Photo & Input: ৱাহিদুদ জামান
Discussion about this post