এতিয়াৰে পৰা গুৱাহাটী মহানগৰীত উপলব্ধ হ’ব অনলাইন সুৰা। শীঘ্ৰে গুৱাহাটীত উপলব্ধ হ’ব সুৰাৰ ডেলিভাৰী।
এই সন্দৰ্ভত ৰাজপত্ৰিত জাননী জাৰি কৰা হৈছে ৷ সুৰাৰ বিক্ৰীৰ ক্ষেত্ৰত কেতবোৰ নীতি-নিৰ্দেশনা বান্ধি দিয়া হৈছে। অনুজ্ঞাপত্ৰ থকা সুৰা বিপণীয়েহে অনলাইনযোগে বিক্ৰীৰ সুবিধা লাভ কৰিব। এপযোগে বিক্ৰী কৰিব পাৰিব বিদেশী সুৰা।
আবকাৰী বিভাগৰ ওচৰত পঞ্জীয়ন কৰিব লাগিব সুৰা বিপণীয়ে। ডেলিভাৰী এজেণ্টৰ তথ্যৰ সৱিশেষ জমা দিব লাগিব আবকাৰী বিভাগক।
সুৰাৰ অনলাইন অৰ্ডাৰ কোনে কোনে কৰিব পাৰিব-
১. সুৰা ডেলিভাৰী কৰাৰ বাবে ডেলিভাৰী এজেণ্টৰ বয়স ২১ বছৰৰ কম হ’ব নোৱাৰিব।
২. সুৰা অৰ্ডাৰ কৰিবৰ বাবে নিৰ্দিষ্ট অনলাইন প’ৰ্টেলত নাম আৰু বয়সৰ প্ৰমাণ দিব লাগিব গ্ৰাহকে।
৩. কেতবোৰ স্থানত সুৰাৰ ডেলিভাৰী কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে।
৪. শিক্ষানুষ্ঠানৰ হোষ্টেল, চৰকাৰী-বেচৰকাৰী কাৰ্যালয় আৰু ধৰ্মীয় স্থানত ডেলিভাৰী নহ’ব সুৰা।
৫. এজন গ্ৰাহকে সৰ্বাধিক ৩ লিটাৰ পৰ্যন্ত অৰ্ডাৰ দিব পাৰিব সুৰা।
৬. ডেলিভাৰী এজেণ্টে কঢ়িয়াব পাৰিব ৯ লিটাৰ পৰ্যন্ত সুৰা।
৭. হোম ডেলিভাৰীৰ বিনিময়ত গ্ৰাহকে কিমান দিব লাগিব অতিৰিক্ত ধন?
৮. নিৰ্দিষ্ট ডেলিভাৰী চাৰ্জ, ছাৰ্ভিচ চাৰ্জ আদিৰ উপৰি কোনো চাৰ্জ ল’ব নোৱাৰিব বিপণীয়ে।
৯. ১ কিঃমিঃতকৈ কম দূৰত্বৰ বাবে ৫০টকা অতিৰিক্ত চাৰ্জ দিব লাগিব ৷
১০. ১-২ কিঃমিঃৰ ভিতৰত চাৰ্জ হ’ব ৭৫ টকা ৷
১১. অৰ্ডাৰ পোৱাৰ ১০ মিনিটৰ ভিতৰত বিপণীয়ে অৰ্ডাৰ গ্ৰহণ কৰিব লাগিব
১২. ৰাজ্যৰ ভিতৰতে প্ৰথমাৱস্থাত গুৱাহাটী পৌৰ নিগম এলেকাত সীমিত থাকিব এই সুবিধা।
১৩. তাৰ পিছতে পৰৱৰ্তী পৰ্যায়ত সমগ্ৰ ৰাজ্যতে উপলব্ধ হ’ব অনলাইন যোগে সুৰা ক্ৰয়ৰ সুবিধা।
Photo: Google




























Discussion about this post