বৰ্তমান আমৰ বতৰ। বতৰৰ ফলক আপুনি নিশ্চয় খাইছে। আপুনি নিশ্চয় অসমৰ থলুৱা প্ৰজাতিৰ আমৰ লগতে বহিঃৰাজ্যৰ পৰা আমো খাইছে। কিন্তু এটা আমে চাঞ্চল্যৰ সৃষ্টি কৰিছে হোজাইৰ লংকাৰ কাকীত (Hojai Lanka Kaki)। কিন্তু আপুনি অনুমান কৰিব পাৰিবনে উন্নত প্ৰজাতিৰ এটা আমৰ দাম (Mango Price) কিমান হ’ব পাৰে?
আপুনি শুনি আচৰিত হব যে, এক উন্নত প্ৰজাতিৰ আমৰ মূল্য আন্তৰ্জাতিক বজাৰত আঢ়ৈ লক্ষাধিক টকা। এনে এটা আমৰ প্ৰজাতি হল ‘মিয়াজাকি মেংগ” (Miyazaki Mango)। জাপানত (Japan) হোৱা এই আমবিধক Eggs Of Sun অথবা Dragons Egg বুলিও কোৱা হয়। জাপানৰ ‘মিয়াজাকি’ চহৰখনৰ নামেৰে নামকৰণ কৰা মিয়াজাকি আমবিধ অতি সুস্বাদু।
হোজাইৰ লংকাৰ কাকীত (Hojai Lanka Kaki) লাগিছে বিশ্বৰ আটাইতকৈ মূল্যবান আমৰ প্ৰজাতি এগ অফ ছান (Egg Of Sun)। লংকাৰ কাকী বালিসত্ৰ গাঁৱৰ এগৰাকী চি আৰ পি এফ জোৱানে কলিকতাৰ নাৰ্ছাৰীৰ পৰা আনি নিজৰ ঘৰৰ চাদৰ ওপৰত ৰূপণ কৰিছিল আমৰ পুলিটো। এতিয়া সেই পুলিটোত লাগিছে এটা আম যিটো আমক বিশ্বৰ আটাইতকৈ মূল্যবান আম Egg Of Sun বুলি কোৱা হয়। এই আমবিধৰ প্ৰতিযোৰাৰ দাম তিনিলাখ টকা। অৱশ্যে এয়া আমি কোৱা কথা নহয় ইণ্টাৰনেটৰ মাধ্যম গুগলত উল্লেখ থকা তথ্যহে।
হয় আৰু এই মূল্যবান আম বিধৰ সাধাৰণতে জাপানত (Japan) মূল্য অধিক যদিও এই আমবিধৰ খেতি এতিয়া হোজাই জিলাৰ লংকাৰ কাকীত। আৰু এই আমবিধ চাবলৈ এতিয়া বিভিন্নজনে ভিৰ কৰিছেহি গাঁওখনত।
উল্লেখ্য যে, ৩৫০ গ্ৰাম পৰ্যন্ত ওজন হোৱা এই আমটোৰ বৰ্তমান বজাৰ মূল্য হ’বগৈ প্ৰায় ১ লাখ ৫০ হাজাৰ টকা! সম্প্ৰতি আমটোক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। ইপিনে, লক্ষ্মণ মুখীয়া নামৰ লোকজনে এই আমটো নিজৰ ঘৰতে খাই সোৱাদ ল’ব বুলি প্ৰকাশ কৰিছে।
Photo & Input: Khatang Khobor
Discussion about this post