দেশৰ আন আন মহানগৰবোৰৰ দৰে ৰাজধানী দিল্লীটো সুৰক্ষিত নহয় উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতী-মহিলাসকল।
শেহতীয়াকৈ দিল্লীৰ ৰাজপথত উত্তৰ-পূবৰ কেইগৰাকীমান যুৱতীক যৌন নিৰ্যাতনৰ চেষ্টা কৰা ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। এই ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
ঘটনাটো সংঘটিত হৈছে বুধবাৰে দিল্লীৰ হজ খাচ অঞ্চলৰ ৰাজপথত। ৰাজপথতে উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতীৰ দল এটাক যৌন আতিশয্যৰ চেষ্টা চলায় যুৱকৰ দল এটাই। বিভিন্ন অশ্লীল শব্দৰ লগতে অশ্লীল ইংগিতেৰে যুৱতীকেইগৰাকীক যৌন আতিশায্য চলাই যুৱকৰ দলটোৱে।
ইয়াৰ পিছতে উগ্ৰমূৰ্তি ধাৰণ কৰে যুৱতী কেইগৰাকীয়ে। এগৰাকী যুৱতীয়ে সমগ্ৰ ঘটনাৰ ভিডিঅ’ ৰেকৰ্ড কৰাৰ লগতে যুৱতীকেইগৰাকীয়ে উভটি ধৰে যুৱকৰ দলটোক। তাৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে যুৱক কেইজনে।
এই ঘটনাৰ ভিডিঅ’ এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ঘটনাৰ ভিডিঅ ভাইৰেল হোৱাৰ পিছতে দিল্লী আৰক্ষীক তদন্ত তথা নিৰ্দেশ দিছে মহিলা আয়োগে।
ইতিমধ্যে ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৫০৯ নং ধাৰাত নিজাববীয়াকৈ গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে। নিৰ্যাতনৰ সন্মুখীন হোৱা যুৱতী কেইগৰাকী ছিকিমৰ দাৰ্জিলিঙৰ।
Photo: Twitter
Discussion about this post