এক কৰুণ ঘটনা (Tragic Incident) সংঘটিত হৈছে ছিকিমৰ (Sikkim) গেংটকৰ (Gangtok) সমীপত। প্ৰচণ্ড ভূমিস্খলনৰ (Massive Landslide) ফলত দুই কণমানি পুত্ৰক বুকুত সাৱটি মৃত্যু মাতৃৰ (2 Boy Died With Mother)। দুই সন্তানক বুকুত সাৱটি প্ৰাণ হেৰুৱাবলগীয়া হ’ল এগৰাকী মাতৃয়ে।
ধাৰাসাৰ বৰষুণৰ ফলত সংঘটিত প্ৰচণ্ড ভূমিস্খলনত নিশা শুই থকা অৱস্থাতে মহিলাগৰাকীৰ লগতে দুই সন্তানে প্ৰাণ হেৰুৱায়। উল্লেখ্য সোমবাৰে মাজনিশা ডোমা শ্বেৰপা (২৭) নামৰ মহিলাগৰাকীয়ে ৰংগেই ডোকান দাৰাত থাকা তেওঁলোকৰ সৰু জুপুৰীটোত শুই থকা অৱস্থাতে পাহাৰৰ মাটি খহি গোটেই ঘৰটো পুতি পেলায়। যাৰ ফলত মহিলাগৰাকীৰ লগতে ৮ বছৰীয়া আৰু ৭ মহীয়া পুত্ৰ সন্তানেও কৰুণ মৃত্যুক সাৱটি লয়।
উদ্ধাৰকাৰী দলটোৰ সৈতে সেই স্থানত উপস্থিত হোৱা গেংটকৰ (Gangtok) মহকুমা দণ্ডাধীশ ৰবীন সেৱাই জানিবলৈ দিয়া অনুসৰি পুৱা ধ্বংসস্তূপৰ মাজৰ পৰা তিনিওৰে মৃতদেহ উদ্ধাৰ কৰা হয়। জানিবলৈ দিয়া অনুসৰি মহিলাগৰাকীৰ স্বামী বিমল মংগ পেছাত এগৰাকী চালক হিচাপে পশ্চিমবংগৰ শিলিগুৰিত কৰ্মৰত হৈ আছে। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত তেওঁক খবৰ দিয়া হৈছে বুলিও আৰক্ষীৰ এগৰাকী বিষয়াই জানিবলৈ দিয়ে।
Photo: News8 Northeast
Published By: Dulu Medhi
Discussion about this post