মঙলবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৮খন ৰাজ্যৰ ৮ গৰাকী নতুন ৰাজ্যপালক নিযুক্তি প্ৰদান কৰে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি কৰ্ণাটক, মিজোৰাম, মধ্যপ্ৰদেশ, হিমাচলপ্ৰদেশ, গোৱা, ত্ৰিপুৰা, ঝাৰখণ্ড আৰু হাৰিয়ানাত নতুন ৰাজ্যপাল নিয়োগ কৰিছে কেন্দ্ৰীয় চৰকাৰে।
১. পিএছ শ্ৰীধৰণ পিল্লাইক গোৱাৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে। পিল্লাই মিজোৰামৰ ৰাজ্যপাল আছিল।
২. সত্যদেৱ নাৰায়ণ আৰ্যক ত্ৰিপুৰাৰ নতুন ৰাজ্যপান ৰূপে নিযুক্তি। আৰ্য আছিল হাৰিয়ানাৰ ৰাজ্যপাল।
৩. বান্দাৰী দত্তাত্ৰেয়াক হাৰিয়ানাৰ ৰাজ্যপাল হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে। পূৰ্বে তেওঁ হিমাচল প্ৰদেশৰ ৰাজ্যপাল আছিল।
৪. বৰ্তমানৰ ত্ৰিপুৰাৰ ৰাজ্যপাল ৰমেশ বাইছক ঝাৰখণ্ডৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি প্ৰদান।
৫. কেন্দ্ৰীয় মন্ত্ৰী থাৱাৰচান্দ গেহলট হ’ব কৰ্ণাটকৰ নতুন ৰাজ্যপাল।
৬. লোকসভাৰ সদস্য হৰিবাবু কামভাম্পতিক মিজোৰামৰ নতুন ৰাজ্যপাল ৰূপে নিযুক্তি প্ৰদান কৰা হৈছে।
৭. গুজৰাট বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন গুজৰাট কেবিনেট মন্ত্ৰী মংগুভাই ছগনভাইক মধ্য প্ৰদেশৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে।
৮. ৰাজেন্দ্ৰ বিশ্বনাথক হিমাচল প্ৰদেশৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে।
Photo: Google




























Discussion about this post