মিজোৰামত (Mizoram) ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident) সংঘটিত হৈছে। এখন পিকআপ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত পৰাৰ ফলত থিতাতে ৫জন লোকে প্ৰাণ (Death) হেৰুৱাই। লগতে আহত হয় প্ৰায় ১১ গৰাকী লোক।
মিজোৰামৰ (Mizoram) পূৱ সীমান্তৰ খাজৱাল জিলাৰ ৰাবুম গাঁৱত সংঘটিত হোৱা এই দুৰ্ঘটনাটোৰ ফলত ৪ লোকে ঘটনাস্থলীতে প্ৰাণ (Death) হেৰুৱায়। এজন লোকক উদ্ধাৰ কৰাৰ পিছত হাস্পতাললৈ প্ৰেৰণৰ পথতে প্ৰাণ হেৰুৱায়। আহত সকলক উন্নত চিকিৎসাৰ বাবে ৰাজধানী আইজললৈ প্ৰেৰণ কৰা হৈছে।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি যাত্ৰী ভৰ্তি পিকআপ বাহন খনে কিছু ওখ ঠাইলৈ গতি কৰি থকাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই আৰু দ’ খাৱৈত বাগৰি পৰে। আৰক্ষীয়ে জনোৱা অনুসৰি এই দুৰ্ঘটনা ৰাজ্যখনৰ ৰাজধানী আইজলৰ পৰা প্ৰায় ১৮০ কিলোমিটাৰ নিলগৰ অঞ্চলত সংঘটিত হৈছে।
Photo: Khatang Khobor
Discussion about this post