মেঘালয়ৰ (Meghalaya) উমছামলেম গাঁৱত এক ভয়ংকৰ (Horrific) ঘটনা সংঘটিত হয়। গাড়ীৰ ভিতৰতে অগ্নিদগ্ধ হৈ মৃত্যুক (Death) সাৱটিলে প্ৰাক্তন মুখ্যমন্ত্ৰী ই কে মাওলঙৰ পুত্ৰ ফাৰ্ডিনান্দ বি লিংডোয়ে। ফাৰ্ডিনান্দ তুৰাৰ চেন্ট্ৰেল এগ্ৰিকালচাৰ ইউনিভাৰ্ছিটীৰ অধীনৰ কমিউনিটী ছায়েন্স কলেজৰ সহকাৰী অধ্যাপক। শনিবাৰে সংঘটিত হৈছিল এই ঘটনা।
ফাৰ্ডিনান্দ লিংডো শ্বিলঙলৈ গৈ থকাৰ সময়তে ৰিভয় জিলাত ৬নং ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়ংকৰ ঘটনাটো সংঘটিত হয়।
জানিব পৰা অনুসৰি দীঘলীয়া যাত্ৰা কৰি ভাগৰি পৰাত পথৰ কাষত গাড়ীখন ৰখাই জিৰণী লৈছিল ফাৰ্ডিনান্দে। সেই সময়তে গাড়ীখনত জুইৰ সূত্ৰপাত হয় আৰু মুহূৰ্ততে জুয়ে আৱৰি ধৰে গাড়ীখন। জুইৰ লেলিহান শিখাই আগুৰি ধৰাৰ পিছত প্ৰচণ্ড বিস্ফোৰণ ঘটে গাড়ীখনত।
Photo: Khatang Khobor




























Discussion about this post