Watch Horrific Video: অসমৰ লগতে প্ৰতিবেশী ৰাজ্যসমূহটো মুষলধাৰ বৰষুণে (Heavy Rainfall) অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে। হঠাতে অহা পানীৰ ঢলত বিধ্বস্ত হৈ পৰিছে গুৰুত্বপূৰ্ণ বাট-পথ। একেধৰণৰ ঘটনা সংঘটিত হৈছে গুৱাহাটী-বৰাক (Guwahati Barak) সংযোগী ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত (NH06)।
Huge #Landslides between #Sonapur and #Lumshnong & massive waterfalls over highways.
Roads are broken and full of rocks, trees.#MEGHALAYA #JaintiaHills pic.twitter.com/LQRrOsaz71
— Weatherman Shubham (@shubhamtorres09) June 16, 2022
গুৱাহাটী-বৰাক সংযোগী ৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেঘালয়ত (Meghalaya) ভূমিস্খলনৰ (landslide) অৱস্থাৰ আৰু অৱনতি ৷ ভয়ংকৰ ভূমিস্খলন হৈছে পথটোৰ কেইবাটাও স্থানত ৷ নিশা ৰাষ্ট্ৰীয় ঘাইপথৰ সোণাপুৰ (Sonapur) আৰু লুমছুলুমত (Lumshnong) ৰাষ্ট্ৰীয় ঘাইপথ ৬ত পুনৰ ভয়াৱহ ভূমিস্খলন হৈছে ৷ ফলত দেশৰ আন আন ঠাইৰ সৈতে যাতায়াত ব্যাহত হৈ পৰিছে বৰাক, ত্ৰিপুৰা, মিজোৰাম আৰু মণিপুৰৰ ৷
IMPORTANT UPDATE AND ALERT.
Due to the continuous heavy down pour, some parts of the NH06 under Lumshnong Police Station is witnessing minor flash floods . We request travels to avoid taking this route tonight if possible.@MeghalayaPolice@CMO_Meghalaya @lrbishnoiips pic.twitter.com/wUQMprzLtr
— 🇮🇳 East Jaintia Hills Police 🇮🇳 (@ejhpolice) June 15, 2022
Landslide at lumshnong NH6 East jaintia hills Meghalaya. Part of road connecting Assam, Mizoram, Tripura washed away Heavy rainfall.caution on Travel#batesitv@MeghalayaPolice @ShyllaKyrmen @JuhArki pic.twitter.com/mal0hfvLMV
— heimonmiky Tlang (@heimonmekitlang) June 16, 2022
মেঘালয়ৰ পূব জয়ন্তী পাহাৰীয়া জিলাখনৰ অন্তৰ্গত সোনাপুৰ আৰু লুমছুলুমত (Lumshnong) ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। এই ভূমিস্খলনৰ ফলতে ঠায়ে ঠায়ে পথটোৰ বৃহৎ অংশ ভাঙি গৈছে ৷ ভূমিস্খলনৰ কবলত পৰিছে বহু যান-বাহন। পথৰ সৃষ্টি হোৱা বৃহৎ গাঁতত সোমাই পৰিছে ট্ৰাকৰ লগতে যাত্ৰী কঢ়িওৱা বাহনসমূহ। অৱশ্যে ঘটনাত কথমাপি প্ৰাণৰক্ষা পৰিছে যাত্ৰীসকলৰ ৷ পাহাৰৰ পৰা হুৰাহুৰে পানী নামি অহাৰ ফলত ভূমিস্খলন সংঘটিত হৈছে পথটোত। ভূমিস্খলনৰ বাবে গুৱাহাটী শিলচৰ (Guwahati Silchar) মাজত যাতায়ত বন্ধ হোৱাৰ আশংকা কৰিছে।
Photo: Twitter
Discussion about this post