নেৰানেপেৰা বৰষুণৰ (Heavy Rainfall) পিছতে সমগ্ৰ ৰাজ্যজুৰি পুনৰ এবাৰ সৃষ্টি হৈছে বান আৰু ভূমিস্খলনৰ আতংক (Flood And Landslide)। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে। গৃহহীন হৈছে বহু পৰিয়াল। অসমৰ লগতে উত্তৰ-পূবতো (North East) ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান আৰু ভূমিস্খলনে। নেৰানেপেৰা বৰষুণৰ পিছত বিশেষকৈ মেঘালয়ৰ (Meghalaya) গাৰো পাহাৰত (Garo Hills) ভূমিস্খলনে লৈছে বিধ্বংসী ৰূপ। গাৰো পাহাৰৰ বিভিন্ন প্ৰান্তত নেৰা-নেপেৰা বৰষুণৰ পিছত খহি পৰা পাহাৰৰ মাটিয়ে ইতিমধ্যে প্ৰাণ কাঢ়িছে কেইবাজনৰো।
ইফালে দক্ষিণ গাৰো পাহাৰত পুনৰ ভূমিস্খলনত প্ৰাণ হেৰুৱালে এটি শিশুসহ তিনিগৰাকী লোকে (3 Died For Massive landslide)। জিলাখনৰ বাঘমৰাত পাহাৰৰ পৰা মাটি খহি এটা বাসগৃহ সম্পূৰ্ণৰূপে পুতি পেলোৱাত প্ৰাণ হেৰুৱায় একেটা পৰিয়ালৰ তিনিওগৰাকী সদস্যই। শুকুৰবাৰে পুৱা পৰিয়ালটো শুই থকা সময়তে সংঘটিত ভূমিস্খলনত শিশুসহ একেটা পৰিয়ালৰ সদস্য কেইজনে প্ৰাণ হেৰুৱায়।
ভূমিস্খলনত (landslide) নিহত য়াংকিম চাংমা (৪), গামচিয়া চাংমা (২০) আৰু টেংকাম চাংমা (৩১) বুলি চিনাক্ত কৰা হৈছে। ঘটনাৰ পিছতে আৰক্ষী আৰু উদ্ধাৰকাৰী দলে অভিযান চলাই নিহত কেইজনৰ মৃতদেহ উদ্ধাৰ কৰে। লগতে দক্ষিণ গাৰো পাহাৰ জিলাৰ চিজু গাঁৱৰ পৰা উদ্ধাৰ কৰা হৈছে সুকীয়া ভূমিস্খলনৰ ঘটনাত নিহত আন এগৰাকী মহিলাৰ মৃতদেহ। তদুপৰি জিলাখনৰ চিবিনাং অঞ্চলতো কমেও চাৰিটা শিশু নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। বৃহস্পতিবাৰে নিশাৰ পৰা সন্ধানহীন হৈ থকা শিশুকেইটিৰ আটাইৰে বয়স ৮-১০ বছৰৰ ভিতৰত।
Photo: News8 Northeast
Discussion about this post