“NO MORE DAMS”, নদী বান্ধৰ বিৰোধিতাৰে দেৱাল অংকনৰ অভিযোগত গ্ৰেপ্তাৰ অসমৰ চিত্ৰশিল্পী নীলিম মহন্ত (Famous Graffiti Artist Nilim Mahanta Arrest)। অৰুণাচল আৰক্ষীয়ে (Arunachal Police) অসম আৰক্ষীৰ (Assam Police) সহযোগত গ্ৰেপ্তাৰ (Arrest) কৰে শিল্পীগৰাকীক।
অৰুণাচল প্ৰদেশৰ (Arunachal Pradesh) এখন দেৱালত “NO MORE DAMS” অৰ্থাৎ আৰু বৃহৎ নদী বান্ধ নালাগে বুলি লিখাৰ অভিযোগত অসমৰ চিত্ৰশিল্পী নীলিম মহন্তক (Nilim Mahanta) অৰুণাচল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। চিত্ৰশিল্পী নীলিম মহন্তৰ বিৰুদ্ধে অৰুণাচলৰ ইটানগৰ আৰক্ষী (Arunachal Police) থানাত ৰুজু হোৱা জামিনবিহীন ধাৰৰ গোচৰত লখিমপুৰৰ পৰা চিত্ৰশিল্পী নীলিম মহন্তক গ্ৰেপ্তাৰ কৰে অৰুণাচল আৰক্ষীয়ে।
চিত্ৰশিল্পী নীলিম মহন্তক আৰক্ষীয়ে লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ কৰি অৰুণাচলপ্ৰদেশলৈ লৈ যায়। বৃহৎ নদী বান্ধৰ বিৰোধিতা কৰি অসমৰ চিত্ৰশিল্পী গৰাকীয়ে অৰুণাচল প্ৰদেশৰ এখন দেৱালত ন’ মৰ বিগ ডেম বুলি লিখাৰ অপৰাধতে অৰুণাচল আৰক্ষীয়ে চিত্ৰশিল্পী গৰাকীক গ্ৰেপ্তাৰ কৰাৰ পাছত অসমত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
অৰুণাচল সচিবালয়ৰ দেৱালত নীলিম মহন্তই লিখিছিল নদীবান্ধ বিৰোধী শ্ল’গান। অৰুণাচল প্ৰদেশৰ ৫০ বছৰ পূৰ্তি স্মৰণীয় দেৱালত “NO MORE DAMS” লিখাৰ অভিযোগ।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/important-news-petrol-diesel-price-hike-in-assam/7865/
Discussion about this post