ছচিয়েল মিডিয়াত ভাইৰেল (Social Media Viral Video) হোৱা এটা এটা বিশেষ ভিডিঅ’ৰ পিছতে দেশজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ। ভিডিঅ’টো এজন উদণ্ড যুৱকৰ। ভাইৰেল হোৱা ভিডিঅ’টো চালে আপুনিও এই যুৱকজনক গৰিহণা দিব। কাৰণ যুৱকজনৰ এই কু-কাণ্ড দেখিলে আপোনাৰো খং উঠাটো একেবাৰে স্বাভাৱিক কথা।
ভিডিঅ’টোত দেখা পোৱা গৈছে যে, পথৰ কাষত শুই থকা এটা কুকুৰৰ ওপৰত কেনেদৰে এজন যুৱকে চলায় বৰ্বৰ অত্যাচাৰ (Youth Harrased Street Dog)। শুই থকা কুকুৰটোক নেগুৰত ধৰি ঘূৰাই ঘূৰাই দূৰলৈ দলিয়াই দিছিল যুৱকজনে। এই দৃশ্য পোহৰলৈ অহাৰ পিছতে সকলোৱে একেমুখে যুৱকজনক শাস্তি দিয়াৰ পোষকতা কৰিছিল।
বহুদিন ধৰি এই ঘটনা ক’ৰ হয় বা কি নাম এই যুৱকজনৰ কোনোৱে একো জনা নাছিল। কিন্তু ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে আগৰতলাৰ কে-নাইন K-Nine – Registered NGO নামৰ এটা বেচৰকাৰী সংগঠনে দৃষ্টিগোচৰ কৰিছিল। বিষয়টো বিবেচনা কৰি, এনজিঅ’টোৱে স্থানীয় আৰক্ষীৰ ওচৰলৈ গৈ ঘটনাটোৰ বিষয়ে জনাছিল।
তাৰ পিছতে ৰাজবীৰ সৰকাৰ নামৰ ত্ৰিপুৰাৰ (Tripura Youth) এজন যুৱকে এই বৰ্বৰ কাণ্ড সংঘটিত কৰিছিল আৰক্ষীয়ে (Agartala Police) জানিবলৈ পালে। ইতিমধ্যে যুৱকজনক আগৰতলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰু আগৰতলাৰ নিউ কেপিটেল কমপ্লেক্স আৰক্ষী থানাত কে নাইন এনিমেল ৱেলফেয়াৰ চ’চাইটি K-Nine – Registered NGO য়ে যুৱকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। সেই এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰিছে।
Photo: Twitter
Discussion about this post