‘আৰক্ষী মানেই (Assam Police) মদ খাব লাগিব, এনেকুৱা কথা ক’তো নাই, আৰক্ষী মানে শকত হ’ব লাগিব, তেনেকুৱা কথা ক’তো নাই। ট্ৰেইনিঙৰ সময়ত আমি যিবোৰ কথা শিকিছো সেই কথাবোৰ আমি মনত ৰাখিব লাগিব। কিন্তু আটাইতকৈ ডাঙৰ কথা নিজৰ শৰীৰটোক ভাল পাব লাগিব’- মেঘালয়ৰ (Meghalaya) উকিয়ামস্থিত (Ukiam) নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমীত প্ৰশিক্ষণ সমাপ্ত কৰা ৫৭৮ গৰাকী কেডেট উপ-পৰিদৰ্শকৰ বাবে অনুষ্ঠিত পাছিং আউট পেৰেডত মুখ্য অতিথিৰূপে উপস্থিত থাকি এই মন্তব্য প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma)।
‘যিদিনাই আপুনি অনুভৱ কৰে যে আপোনাৰ পিন্ধি থকা পেণ্টটো অলপমান টান হৈছে, সেইদিনাই আপুনি আৰক্ষী ৰিজাৰ্ভলৈ উভতি যাওক আৰু কচৰৎ কৰক, যাতে আপুনি আপোনাৰ শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰিব পাৰে।’– নেপাৰ দীক্ষান্ত সমাৰোহত মুখ্য অতিথিৰূপে উপস্থিত থাকি অসম আৰক্ষীলৈ এই আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma)।
নিজৰ শৰীৰটোক ভাল পাব লাগিব আৰু কৰ্তব্যৰ শেষ দিনটোলৈকে শৰীৰৰ ওজন একেদৰেই ৰাখিব পাৰিব লাগিব। তেতিয়াহে স্মাৰ্ট পুলিচ আৰু নতুন দিনৰ আৰক্ষী হ’ব পাৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে যিসকলে নিজক ভাল পায়, তেওলোকে সমাজকো ভাল পায়। যিসকলে নিজে মদ নাখাই, তেওঁলোকে আনকো মদ খাবলৈ নিদিয়ে আৰু যিসকলে শৰীৰটোক ভাল পায়, তেওঁলোকে আনক ড্ৰাগছৰ দৰে বৰবিহ সেৱন কৰিবলৈ কেতিয়াও নিদিয়ে।
উল্লেখ্য যে, মেঘালয়ৰ উকিয়ামস্থিত নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমীত (North Eastern Police Academy) প্ৰশিক্ষণ সমাপ্ত কৰা ৫৭৮ গৰাকী কেডেট উপ-পৰিদৰ্শকৰ বাবে অনুষ্ঠিত পাছিং আউট পেৰেডত মুখ্য অতিথিৰূপে উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma)।
Photo: News8 Northeast
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/horrific-road-accident-at-dhubri-3-youth-died-in-assam/8092/
Discussion about this post