প্ৰাক্তন এইচ এন এল চি নেতাক হত্যা কৰাক কেন্দ্ৰ কৰি উত্তপ্ত সমগ্ৰ মেঘালয়। ৰাজ্যখনৰ বিভিন্ন স্থানত উত্তেজিত স্থানীয় ৰাইজে ক’লা পতাকা উৰুওৱাৰ লগতে শিল দলিয়াই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আছে।
ৰাজ্যখনৰ এই হিংসাত্মক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মেঘালয় প্ৰশাসনে শ্বিলঙত আজি নিশা ৮ বজাৰ পৰা সম্পূৰ্ণ কাৰ্ফিউ ঘোষণা কৰিছে। জাৰি কৰিছে ১৪৪ ধাৰা।
ৰাজ্যখনৰ চাৰিখন জিলাত পৰিস্থিতিৰ অধিক অৱনতি ঘটিব নোৱাৰাকৈ ইণ্টাৰনেট সেৱা আৰু এছ এম এছ সেৱা ৪৮ ঘণ্টাৰ বাবে বন্ধ কৰি দিছে প্ৰশাসনে।
Curfew has been imposed in Shillong due to Law & Order issues. People from Assam are advised not to travel to Shillong till curfew continues. @assampolice @mygovassam @GuwahatiPol @GhtyTrafficPol @DGPAssamPolice pic.twitter.com/j6lVn1Kd1k
— GP Singh (@gpsinghips) August 15, 2021
শ্বিলঙত কাৰ্ফিউ ঘোষণা কৰাৰ পিছতে অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে কৰে টুইট। তেওঁ টুইটাৰযোগে আহ্বান জনাই কয় যে, মেঘালয়ৰ পৰিস্থিতি শান্ত নোহাৱা পৰ্যন্ত অসমৰ জনসাধাৰণে যাতে শ্বিলং ভ্ৰমণলৈ নাযায়।
Photo: Google
 
	    	

























 
		    

Discussion about this post