কেইবাকোটি টকা মূল্যৰ সোণৰ বিস্কুটসহ (Gold Biscuits) ইম্ফল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত (Imphal International Airport) গ্ৰেপ্তাৰ এজন লোক (One Man Arrest)। ইম্ফলৰ শুল্ক বিষয়াই (Imphal Custom Officer) অভিযান চলাই বিমান বন্দৰৰ পৰা সৰবৰাহৰ চেষ্টা চলোৱাৰ সময়ত প্ৰায় ৫.৭৬ কোটি টকা মূল্যৰ সোণৰ বিস্কুট জব্দ কৰিবলৈ সক্ষম হয়। শুক্ল বিভাগৰ এইছএল চংগেটৰ সহকাৰী আয়ুক্তই কয় যে দেওবাৰে ১০.৭৯ কেজি ওজনৰ মুঠ ৬৫খন সোণৰ বিস্কুট জব্দ কৰা হয়।
এই সোণখিনি এয়াৰ এছিয়া বিমানযোগে দিল্লীলৈ সৰবৰাহ কৰাৰ চেষ্টা চলোৱাৰ সময়তে শুক্ল বিভাগে (Custom Department) জব্দ কৰে। ইফালে ধৃত লোকজনক ইম্ফল পশ্চিম জিলাৰ আৱাং খুনুৰ ৱাংখেম ইবুংগোবল সিংগা (৩৩) বুলি চিনাক্ত কৰা হৈছে। সৰবৰাহকাৰীজনে লাগেজৰ ভিতৰত ভৰাই সোণখিনি সৰবৰাহৰ চেষ্টা কৰিছিল।
Photo: News8 Northeast
Discussion about this post