ভাৰত তথা অসম চৰকাৰৰ সৈতে একপক্ষীয় যুদ্ধবিৰতিত থকা নিষিদ্ধ উগ্ৰপন্থী সংগঠন সংযুক্ত মুক্তি বাহিনী (স্বাধীন) চমুকৈ আলফা (ULFA-I), অসমৰ পৰেশ বৰুৱা (Paresh Baruah) নেতৃত্বাধীন গোটে অব্যাহত ৰাখিছে নতুন সদস্য ভৰ্তি অভিযান।
সংগঠনটোত যোগদান কৰিবলৈ যোৱাৰ পথত পুনৰ সেনাৰ জালত পৰিল ৩ জনকৈ যুৱক (3 Youth Detain)। গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই ভাৰতীয় সেনাই তিনিচুকীয়াৰ অসম-অৰুণাচল সিমান্তৱৰ্তী ব্ৰহ্মাজানৰ পৰা আটক কৰে তিনিওজনকে।
তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চল ব্ৰহ্মাজানৰ পৰা জয়ৰামপুৰলৈ যাত্ৰা কৰাৰ পথতে সেনাৰ ৰূপাই স্থিত শিৱিৰৰ জোৱানে যুৱক তিনিজনক আটক কৰিবলৈ সক্ষম হয়। ধৃত যুৱককেইজন হৈছে ৰাহুল মৰাণ, কিশোৰ মৰাণ আৰু বিকাশ বৰা। তিনিওজনৰে পৰা এখন ডায়েৰীৰ লগতে এটা মোবাইল ফোনো জব্দ কৰা হৈছে।
সম্প্ৰতি আটকাধীন যুৱক তিনিজনক বৰডুমচা আৰক্ষী থানাত সেনা-আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।
Photo & Input: Khatang Khobor





























Discussion about this post