নতুন বছৰক আদৰাৰ প্ৰস্তুতি চলিছে সমগ্ৰ দেশতে। ইয়াৰ মাজতে বিভিন্ন স্থানৰ পৰা বিভিন্ন ধৰণৰ খবৰ পোহৰলৈ আহি আছে। ত্ৰিপুৰাৰ (Tripura) পৰা এটা খবৰ পোহৰলৈ আহিছে যি খবৰ শুনি আপুনি আচৰিতো হ’ব লগতে, আপোনাৰ বুকুও কঁপিব।
বুধবাৰে ত্ৰিপুৰাৰ (Tripura) ধলাই জিলাত (Dhalai District) সংঘটিত হৈছে এক শোকাৱহ ঘটনা। সুৰা (Alcohol) বুলি ভুলতে পান কৰিলে এচিড (Acid), ফলত ৩জন লোকে কৰুণ মৃত্য়ুক (Tragic Incident) সাৱটি লয়।
আৰক্ষীয়ে জনোৱা অনুসৰি মৃত (Death) লোককেইজনৰ নাম ক্ৰমে- শচীন্দ্ৰ ৰেং(২২), অধিৰাম ৰেং(৪০)আৰু ভাৱিৰাম ৰেং(৩৮)। তেওঁলোকৰ অকাল মৃত্যুক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ঘটনাটো জানিবলৈ দিয়া অনুসৰি, ভাৱিৰাম নামৰ লোকজনৰ ঘৰত পাৰ্টী আছিল আৰু আটাইগৰাকীয়ে অত্যাধিক সুৰাপান কৰিছিল। সুৰাৰ নিচা অত্যাধিক হোৱাৰ পিছতো তেওঁলোকে পুনৰ সুৰা (Alcohol) খাবলৈ মন মেলিলে কিন্তু ভুলঃবশত তেওঁলোকে এচিড (Acid) পান কৰে। যাৰ ফলত তেওঁলোকে কৰুণ মৃত্যুক সাৱটি লয়। সুৰাৰ নিচাত তেওঁলোকে এচিড নে সুৰা ধৰিবই নোৱাৰিলে।
এই ঘটনাৰ পিছত তেওঁলোকক হস্পাতাললৈ প্ৰেৰণ কৰা হয় যদিও তেওঁলোকক মৃত ঘোষণা কৰে।
Photo: Google





























Discussion about this post