অসম প্ৰেমী প্ৰবীণ জাতীয়তাবাদী নেতা প্ৰণৱজিত চলিহাৰ অসম মেডিকেল কলেজ হাস্পতালত ১৩ ছেপ্টেম্বৰ, বুধবাৰে বিয়লি প্ৰায় ২ বাজি ৪০ মিনিটত নিশ্বাস ত্যাগ কৰে। উল্লেখ্য যে, দীৰ্ঘদিন ধৰি অশুস্থ হৈ থকা প্ৰণৱজিত চলিহা অসম মেডিকেল কলেজ হাস্পতালত ভৰ্তি হৈ আছিল।
ৰমু দা হিচাপে জনপ্ৰিয় প্ৰবীণ জাতীয়তাবাদী নেতা প্ৰণৱজিত চলিহাৰ শেষকৃত্য অনুষ্ঠান ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব। ১৪ ছেপ্টেম্বৰ, বৃহস্পতিবাৰে পুৱা ৯ বজাৰ পৰা শিৱসাগৰৰ বাসগৃহত মনে প্ৰাণে অসমক ভাল পোৱা প্ৰণৱজিত চলিহালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা কৰা হৈছে।
উল্লেখ্য যে, এইগৰাকী অদম্য সাহসী জাতীয়তাবাদী নেতাই ৭০ৰ দশকত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে অসম বিৰোধী কথা কোৱাৰ বাবেই মাইক্ৰ’ফোন দলিয়াই দিবলৈ সাহস কৰিছিল।
ইয়াৰোপৰি তেওঁৰ প্ৰফুল্ল মহন্ত, ভৃগু কুমাৰ ফুকনক প্ৰতিষ্ঠা কৰাৰ আঁৰতো আছিল বিশেষ ভূমিকা। নিজেই অসম আন্দোলনৰ দায়িত্ব গ্ৰহণ নকৰি তেওঁ এই দুই নেতাক সেই দায়িত্ব প্ৰদান কৰি পাছলৈ অসমৰ মুখ্যমন্ত্ৰী,গৃহমন্ত্ৰী হোৱাত মুখ্য ভূমিকা লৈছিল।
অসম গণ পৰিষদৰ চৰকাৰৰ সময়ত যেতিয়া আলফাৰ সমান্তৰাল চৰকাৰ চলিছিল বুলি কোৱা হয়, সেই সময়তে প্ৰণৱজিত চলিহাই আলফাক মুকলিকৈ প্ৰত্যাহ্বান জনাবলৈ সাহস কৰিছিল। আনকি পৰেশ বৰুৱাই পৰৱৰ্তী সময়ত এইগৰাকী অদম্য সাহসী অসম প্ৰেমীৰ সৈতে বুজাপৰা কৰিবলৈও বাধ্য হৈছিল।
চৰকাৰী পৃষ্ঠপোষকতাত ৰাজকীয় জীৱন অতিবাহিত কৰাৰ সুযোগ তেওঁ লাভ কৰিছিল যদিও সেয়া সুযোগ গ্ৰহণ নকৰি নজিৰ সৃষ্টি কৰিছিল।
অসম প্ৰেমী এইগৰাকী জাতীয়তাবাদীলৈ শ্ৰদ্ধা জ্ঞাপন কৰি শিৱসাগৰ ব্যৱসায়ী সন্থাই আজি সকলো ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধ কৰি ৰখাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে।
Discussion about this post