ছিকিম চৰকাৰৰ বন, পৰিৱেশ আৰু বন্যপ্ৰাণী বিভাগ সকীয়াই দিয়ে !!
ছিকিম চৰকাৰৰ বন, পৰিৱেশ আৰু বন্যপ্ৰাণী বিভাগে সকীয়াই দিছে যে বান্দৰক খাবলৈ দিয়া বা খাদ্যৰ আৱৰ্জনা অনুচিতভাৱে নিষ্কাশন কৰাটো অপৰাধ হিচাপে গণ্য কৰা হ’ব আৰু উলংঘাকাৰীক ৫ হাজাৰ টকা জৰিমনা বিহা হ’ব।
বিভাগটোৱে কয় যে বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২ আৰু পৰিৱেশ (সুৰক্ষা) আইন, ১৯৮৬ৰ অধীনত বান্দৰ এটা সংৰক্ষিত প্ৰজাতি। সেয়েহে বান্দৰক খাদ্য দিয়াটো কঠোৰভাৱে নিষিদ্ধ।
বিভাগটোৱে জনোৱা মতে, মানুহৰ খাদ্য আৰু খাদ্যৰ আৱৰ্জনা অনুচিত নিষ্কাশনৰ বাবে বান্দৰৰ জনসংখ্যা অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ ফলত মানুহ-বান্দৰৰ সংঘাতৰ দৃষ্টান্ত বৃদ্ধি পাইছে।
এয়া জনস্বাস্থ্য আৰু সুৰক্ষাৰ বিষয় হৈ পৰিছে।
বিভাগটোৱে জনোৱা মতে, মানুহে খাবলৈ দিয়া বান্দৰে মানুহৰ প্ৰতি ভয় হেৰুৱাই আক্ৰমণাত্মক হৈ পৰে।
ইহঁতে মানুহলৈ ৰোগও সংক্ৰমিত কৰিব পাৰে।
বান্দৰক খাবলৈ দিয়া বন্ধ কৰিবলৈ আৰু খাদ্যৰ আৱৰ্জনা সঠিকভাৱে নিষ্কাশন কৰিবলৈ বিভাগটোৱে আহ্বান জনায়।
Discussion about this post