গুৱাহাটীত অচিৰেই নোহোৱা হ’ব ৰে’লগেট !
ৰে’ল গেটত নিৰ্মাণ হ’ব উৰণসেতুঁ, এন এফ ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষষা সব্যসাচী দে’ই জনালে এই কথা
মহানগৰীৰ বহু গুৰুত্বপূৰ্ণ পথত আছে ৰে’ল লাইন ৷ যাৰবাবে এই ৰে’ল লাইন অতিক্ৰম কৰিবলৈ যাওতে বহু সময় ধৰি পৰ দি ৰখিবলগীয়া হয় যানবাহন সমূহ ৷ এইদৰে ৰৈ থকা সময়ত সৃষ্টি হয় তীব্ৰ যানযঁটৰ ৷
সেয়ে ৰে’লগেটত বিকল্প ব্যৱস্থা কৰি যানজঁট ৰোধৰ পৰিকল্পনা কৰিছে উত্তৰ-পূব সীমান্ত ৰে’লৱে ৷
এনএফ ৰে’লৱেৰ এই বিশেষ পৰিকল্পনাৰ বিষয়ে সদৰি কৰি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষষা সব্যসাচী দে’ই ৷
Discussion about this post