যোৰহাটত (Jorhat) তৰাজানত শ্যাম ষ্টিল এণ্ড ষ্টেচনাৰী নামৰ এখন হাৰ্ডৱেৰ দোকানত এজন লোকে টাইলছৰ বাবে টকা দিয়াৰ পিছতো সময় মতে টাইলছ গ্ৰাহক জনক দিব নোৱাৰা বাবে গ্ৰাহক জনে সুধিবলৈ যোৱাত গুৰুত্ব প্ৰদান নকৰাত তেওঁৰ বন্ধু এজনে এই সম্পৰ্কত জানিবলৈ বিচৰাত ব্যৱসায়ীজনে চূড়ান্ত অসভ্যালী (Missbehave) কৰাৰ অভিযোগ ব্যৱসায়ীজনৰ বিৰুদ্ধে।
চাওক Video-
অভিযোগ দিয়া অনুসৰি ব্যৱসায়ীজনে অসমীয়াৰ মূৰত প্ৰস্ৰাৱ কৰি দিম,কাক মাত মাত বুলি হুংকাৰ প্ৰদান কৰাৰ পিছতে অনুসুচিত জাতি যুৱ ছাত্ৰ পৰিসদ, ছাত্ৰ সন্হা, অসম সেনাৰ কৰ্মীয়ে কথাতো জানি ব্যৱসায় প্ৰতিস্থানখনৰ চাটাৰ বন্ধ কৰি দিয়ে। লগতে অভদ্ৰ আচৰণ কৰা ব্যৱসায়ীজনক ৰাজপথতে কাণত ধৰি উঠা-বহা কৰোৱাই ক্ষমা খুজিবলৈ বাধ্য কৰোৱাই।
Photo & Input: জিন্টু দেওধাই ফুকন
আৰু পঢ়কঃ https://khatangkhobor.com/miscellaneous/after-14-years-matchboxes-will-be-costlier-by-rupee-1/3822/
Discussion about this post