ৰাজ্যৰ সকলো জিলাতে সান্ধ্য আইন উঠাই লোৱাৰ ইংগিত দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বৰ্তমান ৰাজ্যত ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন নীতি-নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। কণ্টেইনমেণ্ট জিলা গোলাঘাট আৰু লখিমপুৰত শিথিল সান্ধ্য আইন। ১ বজালৈ খুলিব পাৰিব দোকান-পোহাৰসমূহ। এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
আন ৰাজ্য সমূহত সন্ধিয়া ৪ বজালৈ দোকান-পোহাৰ খোলা থাকিব আৰু সন্ধিয়া ৫ বজাৰ পৰা হ’ব সান্ধ্য আইন। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, পৰিৱেশ ভালদৰে থাকিলে ৭ আগষ্টৰ পৰা ৬ বজালৈকে জিলা সমূহ মুকলি কৰি দিয়া হ’ব।
১৬ আগষ্টৰ পৰা আন্তঃজিলা যাতায়ত খুলি দিব বুলি প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই। নৱম, দশম বা উচ্চ পৰ্যায়ৰ শ্ৰেণীসমূহ ১ ছেপ্টেম্বৰৰ পৰা খুলি দিয়াৰ চিন্তা চৰ্চা হৈছে বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।
Photo: Google
Discussion about this post