দিল্লী যাত্ৰাৰ পূৰ্বে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল (CM Himanta Biswa Sarma Pressmet)। সংবাদমেলত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। ড০ শৰ্মাই কয়, ‘এপ্ৰিল পৰ্যন্ত বহুকেইটা নিৰ্বাচনৰ সন্মুখীন হ’ম ৷ পৰীক্ষাও আছে ৷ সেয়ে ১৫ ফেব্ৰুৱাৰীৰ পৰা ক’ভিডৰ (Covid 19) ওপৰত থকা সকলো বাধা নিষেধ প্ৰত্যাহাৰৰ সিদ্ধান্ত লোৱা হৈছে ৷ কেৱল মাক্স পৰিধান কৰিব লাগিব৷’’
মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীৰ পৰীক্ষাৰ পৰীক্ষাৰ্থীয়ে ক’ভিডৰ দুয়োপালি ভেকচিন ল’ব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, আগতীয়াকৈ কৈছো, এতিয়াৰ পৰা ভেকচিন লওক।
চলচ্চিত্ৰ গৃহ, হোটেল-ৰেষ্টুৰেণ্ট, সমূহৰ ক্ষেত্ৰত থকা সকলো ক’ভিড নিষেধাজ্ঞা উঠাই লোৱা হ’ব বুলিও সংবাদমেলত মুখ্য মন্ত্ৰীয়ে লগতে কয়।
ক’ভিড নিষেধাজ্ঞা উঠাই ল’লেও অৱশ্যে চলচ্চিত্ৰ গৃহ, বিয়া-সবাহ, সভা-সমিতি আদিলৈ অহা দৰ্শক তথা অতিথি সকল ক’ভিডৰ দুয়োপালি ভেকচিন গ্ৰহণ কৰা হ’ব লাগিব বুলি মুখ্য মন্ত্ৰীয়ে সংবাদমেলত কয়।
ৰাজ্যত ক’ভিড পৰিস্থিতি উন্নত হোৱাৰ বাবে বৰ্তমান হৈ থকা নাইট কাৰ্ফিউ (Night Curfew) উঠাই লোৱা হ’ব আৰু এইবাৰ ৰাজ্যৰ জনসাধাৰণে সুকলমে বিহু উদযাপন কৰিব পাৰিব বুলিও মুখ্য মন্ত্ৰীয়ে আশা ব্যক্ত কৰে।
Photo: Google





























Discussion about this post