বৃহস্পতিবাৰে নিমাতি-কমলাবাৰী ফেৰীৰ পৰা এজন লোকে জাঁপ (Suicide) দিছিল। কিন্তু সেই লোক জনৰ এতিয়ালৈকে কোনো পৰিচয় দিবলৈ সক্ষম নহ’ল আভ্যন্তৰীণ জন পৰিবহন বিভাগে (Inland Water Transport)! বিভিন্ন সময়ত বাৰম্বাৰ এই বিভাগকলৈ প্ৰশ্ন উত্থাপন হৈ থাকে। যাত্ৰীৰ সুৰক্ষাৰ বাবে সম্পূৰ্ণ দ্বায়িত্ব দিয়া হৈছিল যদিও সম্পূৰ্ণ ব্যৰ্থ হৈছে আভ্যন্তৰীণ জন পৰিবহন বিভাগ (Inland Water Transport)।
অনলাইন পদ্ধতিৰে টিকট কটাৰ ব্যৱস্থাৰ পিছত যাত্ৰীৰ সম্পূৰ্ণ পৰিচয় বিভাগৰ হাতত থাকে যদিও যোৱা কালি ফেৰীৰ পৰা জাঁপ দিয়া লোকৰ পৰিচয় দিব পৰা নাই এই বিভাগটোৱে যাৰ বাবে বিভাগৰ এজন কনিষ্ঠ অভিযন্তাসহ ৩জন কৰ্মচাৰীক নিলম্বন কৰে! নিলম্বিত (Suspend) কনিষ্ঠ অভিযন্তাজনৰ নাম অসীম বৰুৱা।
Photo & Input: প্ৰাঞ্জল গাৰ্গ
আৰু পঢ়কঃ https://khatangkhobor.com/news/horrific-road-accident-1-crpf-jawan-died-at-dibrugarh-in-assam/4923/S
Discussion about this post