নিমাতী ঘাটৰ অভিশপ্ত নাও দুৰ্ঘটনা। আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ৭ জন কৰ্মচাৰীক বিভাগটোৰ সঞ্চালকে নিলম্বন কৰে।
নিলম্বিত কৰ্মচাৰী কেইজনৰ নাম ক্ৰমে- বিজু দাস(ফিল্ড খলাচি), প্ৰদীপ বৰবৰা(শাখা সহায়ক),ধনবৰ দাস(ফিল্ড খালাচি),যোগান দত্ত(ঘাট সহায়ক),বিনোদ বৰুৱা, বাবুল নেওগ, জয়ন্ত দাস(এই তিনিগৰাকীয়ে মাষ্টাৰৰোলৰ কৰ্মচাৰী)।
উল্লেখ্য ৮ ছেপ্তেম্বৰত নিমাতীৰ পৰা মাজুলীৰ কমলাবাৰী ঘাটলৈ যাত্ৰা কৰাৰ পিছতে এখন নাও ভৰা ব্ৰহ্মপুত্ৰৰ মাজতে এখন জাহাজৰ সৈতে হোৱা সংঘৰ্ষত যাত্ৰীৰে ভৰি থকা নাওখন পানীত বুৰ গৈছিল। চৰকাৰী তথ্য অনুসৰি এই দুৰ্ঘটনাত দুগৰাকী যাত্ৰী নিহত হোৱাৰ লগতে এগৰাকী যাত্ৰী সন্ধানহীন হৈ আছিল। ইফালে প্ৰায় ৮৯ গৰাকী যাত্ৰী সুকলমে উদ্ধাৰ কৰা হৈছিল।
Photo & Input: জিন্টু দেওধাই ফুকন
Discussion about this post