প্ৰচণ্ড গৰমৰ পৰা সকাহ পাব ৰাজ্যবাসীয়ে। আজি নিশাৰ পৰাই গুৱাহাটী (Guwahati) মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰৱল বৃষ্টিপাত (Rain) হোৱাৰ সম্ভাৱনা। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি আগন্তুক ৫ দিনলৈ অসমৰ লগতে উত্তৰ-পূৱৰ প্ৰায় ৰাজ্যতে হ’ব পাৰে বৰষুণ।
সোমবাৰ আৰু মঙলবাৰে গুৱাহাটী মহানগৰীত প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে। সেইদৰে অহা শনিবাৰ পৰ্যন্ত বৰষুণ অব্যাহত থাকিব।
অহা দেওবাৰ পৰ্যন্ত অসমৰ উপৰিও নাগালেণ্ড, মণিপুৰ, মেঘালয় আৰু ছিকিমত ধাৰাসাৰ বৰষুণ হ’ব বুলি জানিবলৈ দিছে বতৰ বিজ্ঞান কেন্দ্ৰই।
Photo: Google





























Discussion about this post