সোমবাৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ক’ভিড পৰিস্থিতিৰ ওপৰত এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলতে নতুন SOPৰ সবিশেষ জনায়।
গোলাঘাট, যোৰহাট, লখিমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰত সম্পূৰ্ণ লকডাউন। মৰিগাওঁ আৰু গোৱালপাৰাত দুপৰীয়া ১২ বজালৈকে খোলা থাকিব দোকান-পোহাৰ। ১ বজাৰ পৰা এই দুখন জিলাত কাৰ্ফিউ।
ৰাজ্যৰ বাকী জিলাবোৰত সন্ধিয়া ৫বজাৰ পৰা পুৱা ৫বজালৈ সান্ধ্য আইন। বিয়লি ৪ বজালৈকে খোলা থাকিব সকলো দোকান-পোহাৰ। বিশেষ কোনো সালসলনি হোৱা নাই বাকী ২৭খন জিলাত। আন্তঃজিলা যাতায়ত পুনৰ এসপ্তাহৰ বাবে বন্ধ থাকিব ৰাজ্যত।
বিয়া, ধৰ্মীয় অনুষ্ঠানত ১০জনৰো অধিক লোক সমবেত হ’ব নোৱাৰিব। এইক্ষেত্ৰত কঠোৰ হ’ব চৰকাৰ।
ডিব্ৰুগড়, নগাঁৱত চৰকাৰৰ চোকা দৃষ্টি ৰাখিব চৰকাৰে। ঈদত সমূহীয়া নামাজৰ পৰিৱৰ্তে ঘৰতে নামাজ পঢ়াৰ বাবে আহ্বান কৰিলে স্বাস্থ্যমন্ত্ৰীয়ে। এই নতুন নিয়মসমূহ ২০জুলাই পুৱা ৫বজাৰ পৰা প্ৰযোজ্য হ’ব।
চুলাই ঘাটি আৰু গধূলিৰ আড্ডাৰ পৰা ক’ৰোনা বিয়পিছে বুলি মন্তব্য কৰে কেশৱ মহন্তই। ডিব্ৰুগড়, শিৱসাগৰ আৰু নগাঁৱৰ ওপৰত চৰকাৰৰ চোকা নজৰ ৰাখিব।
Photo: Google
Discussion about this post