ক’ভিড পৰিস্থিতি আৰু অধিক উন্নিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে আজিৰে পৰাই কাৰ্যকৰী হোৱাকৈ নতুন SOP জাৰি কৰিছে।
আজি নিশা ১০.০০ বজাৰ পৰা পাছদিনা পুৱা ৫.০০ বজালৈ বলবৎ থাকিব সান্ধ্য আইন। পূৰ্বে নিশা ৯.০০ বজালৈ সান্ধ্য আইন বাহাল আছিল।
আজিৰে পৰা নিশা ৯.০০ বজালৈ খোলা ৰাখিব পাৰিব কৰ্মক্ষেত্ৰ, ব্যৱসায়িক-বাণিজ্যিক প্ৰতিষ্ঠান, হোটেল-ৰেষ্টুৰেণ্ট-ধাবা, ব্যৱসায়িক-বাণিজ্যিক প্ৰতিষ্ঠান, বিক্ৰী কেন্দ্ৰ, শ্ব’ৰুম, গেলামালৰ দোকান, ফলমূল, পাচলিৰ দোকান আদি।
আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্য চৰকাৰৰ নতুন ক’ভিড SOP-
আজিৰে পৰা নিশা ৯ বজালৈকে খোলা ৰাখিব পাৰিব সকলো দোকান-পোহাৰ।
মাজুলীত নতুন ক’ভিড SOP ঘোষণা কৰিলে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।
নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ বাহাল থাকিব এই সান্ধ্য আইন।
ৰাজহুৱা অনুষ্ঠান, সভা-সমিতিত ৫০ গৰাকীয়ে অংশ ল’ব পাৰিব।
অংশগ্ৰহণ কৰাসকলে ক’ভিডৰ দুয়োপালি ভেকচিন লোৱাতো বাধ্যতামূলক।
৫০ শতাংশ দৰ্শকেৰে চিনেমা হল খোলাৰ অনুমতি।
দুয়োপালি প্ৰতিষেধক লোৱা লোকেহে যাব পাৰিব চিনেমা হললৈ।
উপায়ুক্তৰ পূৰ্বানুমতিলৈ ২০০ মানুহেৰে পাতিব পাৰিব সভা-সমিতি।
এনে সভা-সমিতিতো উপস্থিতসকলৰ দুয়োপালি প্ৰতিষেধক বাধ্যতামূলক।
কামাখ্যা মন্দিৰ, শিৱ দৌল, পোৱামক্কাত ঘণ্টাত দৰ্শন কৰিব পাৰিব ৬০ জন লোকে।
আন আন ধৰ্মীয় স্থানত ঘণ্টাত ৪০জন লোক প্ৰৱেশ কৰিব পাৰিব।
শিক্ষক-কৰ্মচাৰীয়ে ভেকচিন লোৱাৰ তালিকা শিক্ষানুষ্ঠানৰ সন্মুখত থাকিব।
ভ্ৰাম্যমান থিয়েটাৰৰ ক্ষেত্ৰত SOPত নতুন কোনো নিৰ্দেশনা নাই।
স্থায়ী প্ৰেক্ষাগৃহত ৫০ শতাংশ দৰ্শকৰে নাট প্ৰদৰ্শনত চৰকাৰৰ অনুমতি প্ৰদান।
শিল্পী, কলা-কুশলী, দৰ্শক সকলোৰে বাবে দুয়োপালি ভেকচিন বাধ্যতামূলক।
সকলো চৰকাৰী আঁচনিৰ হিতাধিকাৰীৰ বাবে ভেকচিন বাধ্যতামূলক।
ভেকচিন নল’লে বাতিল হ’ব হিতাধিকাৰীৰ তালিকাৰ পৰা নাম।
Photo: Google





























Discussion about this post