আজিৰে পৰা গুৱাহাটীত (Guwahati) প্ৰযোজ্য হ’ল নতুন নিয়ম (New Rule)। দুচকীয়া বাহনৰ চালক আৰু আৰোহীয়ে পিন্ধিব লাগিব হেলমেট (Helmet)। হেলমেট (Helmet) পৰিধান নকৰা সকলৰ বিৰুদ্ধে আজিৰ পৰাই বিভাগটোৱে বিহিলে ১০০০ টকাৰ জৰিমনা।
মহিলা আৰোহীৰ লগতে ৫ বছৰৰ ওপৰৰ শিশুৱেও আজিৰে পৰা পৰিধান কৰিব লাগিব হেলমেট (Helmet)। অন্যথা ভৰিব লাগিব জৰিমনা।
ইফালে, কামৰূপ জিলা পৰিবহণ বিভাগে (Kamrup District Transport Department) প্ৰৱৰ্তন কৰা নতুন নিয়ম অনুসৰণ কৰা সকলক এপাহকৈ গোলাপ ফুলেৰে সম্ভাষণ জনাই অভিযানকাৰী বিষয়াই। লগতে সকলোকে এই নিয়ম মানি চলিবলৈ আহ্বান জনাই। দুৰ্ঘটনা হ্ৰাসৰ বাবে ৰাজ্যৰ পৰিবহণ বিভাগে ধাৰ্য কৰিছে এই নিয়ম। শীঘ্ৰে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ অন্যান্য জিলাতো বলবৎ হ’ব এই নিয়ম।
Photo: Khatang Khobor
আৰু পঢ়কঃ https://khatangkhobor.com/news/breaking-road-accident-at-guwahati-one-women-died/4874/
Discussion about this post