ৰাষ্ট্ৰীয় ৰাজধানী দিল্লী(Delhi)ত উচ্চতম ন্যায়ালয় (Supreme Court)ৰ বাহিৰত এক শোকাৱহ ঘটনা সংঘটিত হয়। তাত এজন যুৱক আৰু যুৱতীয়ে আত্মহত্যা কৰিবলৈ চেষ্টা কৰে।
যুৱক আৰু যুৱতীয়ে সোমবাৰে দুপৰীয়া নিজকে অগ্নিসংযোগ কৰিছিল। ঘটনাস্থলীত উপস্থিত লোক আৰু আৰক্ষীয়ে জুই নুমুৱাই আৰু দুয়োৰে প্ৰাণ ৰক্ষা কৰে। লগতে তেওঁলোকক চিকিৎসাৰ বাবে ৰাম মনোহৰ লোহিয়া চিকিৎসালয়লৈও প্ৰেৰণ কৰা হয়।
Delhi | A woman, man allegedly set themselves on fire in front of Supreme Court gate number D. Area has been cordoned off. Injured persons have been taken to the Ram Manohar Lohia hospital. pic.twitter.com/sSYIuZA4EC
— ANI (@ANI) August 16, 2021
গেট নং ডি-ত সংঘটিত হৈছে ঘটনা
দুপৰীয়া প্ৰায় ১২:২০ বজাত যুৱক-যুৱতীয়ে উচ্চতম ন্যায়ালয়ৰ গেট নং ডিৰ সন্মুখত নিজকে অগ্নিসংযোগ কৰে। লোকসকলে তেওঁলোকক লক্ষ্য কৰাৰ লগে লগে তেওঁলোকক বচাবলৈ চেষ্টা কৰিছিল ৷ দুয়োকে চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগে লগে অঞ্চলটো ঘেৰাও কৰা হৈছিল ৷ ইফালে আৰক্ষীয়ে ঘটনাটোৰ তদন্ত কৰি আছে।
সোমাবলৈ চেষ্টা কৰি আছিল
বাতৰি অনুসৰি, যুৱক-যুৱতীয়ে উচ্চতম ন্যায়ালয়ৰ গেট নং ডিৰ মাজেৰে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি আছিল কিন্তু নিৰাপত্তাৰক্ষীয়ে আইডি নথকাৰ বাবে তেওঁলোকক বাধা দিছিল। তাৰ পিছতে দুয়োয়ে নিজকে অগ্নিসংযোগ কৰে।
Photo: ANI
Discussion about this post