উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে (Yogi Adityanath) তালিবান (Taliban)ৰ দখলৰ পিছত আফগানিস্তান (Afghanistan)ৰ প্ৰশংসা কৰি অহা লোকসকলৰ বিৰুদ্ধে আক্ৰমণাত্মক মন্তব্য প্ৰদান কৰে। মুখ্যমন্ত্ৰী যোগীয়ে কৈছিল যে কিছুমান লোকে নিৰ্লজ্জভাৱে তালিবানক সমৰ্থন কৰি আছে। তেওঁলোক চেহেৰা পোহৰলৈ আনিব লাগে।
উত্তৰ প্ৰদেশ বিধানসভাত ভাষণ দি মুখ্যমন্ত্ৰী যোগীয়ে কয় যে, “আফগানিস্তানত অস্ত্ৰ অভ্যুত্থানৰ পিছত কিছুমান লোকে তালিবানক সমৰ্থন কৰিছে। তাত মহিলা আৰু শিশুসকলৰ প্ৰতি কি নিষ্ঠুৰতা কৰা হৈছে। এয়া সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰিছে। ইয়াৰ পিছতো, কিছুমান লোকে নিৰ্লজ্জভাৱে তালিবানক সমৰ্থন কৰি আছে।
মুখ্যমন্ত্ৰী যোগীয়ে কয়, ‘কেন্দ্ৰৰ নিৰ্দেশনা অনুসৰি ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলৰ মৰগীয়া বানচ ২৮ শতাংশলৈ বৃদ্ধি কৰা হৈছে। এই বৃদ্ধি এই বছৰৰ জুলাইৰ পৰা কাৰ্যকৰী হ’ব।
মুখ্যমন্ত্ৰীয়ে কয়, “যুৱসকলৰ মাজত দক্ষতা বিকাশৰ বাবে ৩,০০০ কোটি টকাৰ আঁচনি আৰম্ভ কৰা হৈছে। আঁচনিখনত নিৰ্বাচিত ১ কোটি শিক্ষাৰ্থীক অধ্যয়নৰ বাবে স্মাৰ্টফোন বা টেবলেট দিয়া হ’ব। একে সময়তে, তেওঁলোকক কমেও ৩ বাৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি ৰখাৰ বাবে ভাট্টা দিয়া হ’ব।’ তেওঁ কয় যে উকীলসকলৰ কল্যাণৰ বাবে পুঁজিও শীঘ্ৰেই মুকলি কৰা হ’ব।
Photo: Google
Discussion about this post