অসমত পুৰুষতকৈ মহিলাৰ যৌন সংগী (Sex Partners) বেছি। ১১খন ৰাজ্যৰ ভিতৰত অসমৰো নাম আছে এই তালিকাত। কেন্দ্ৰীয় চৰকাৰৰ সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য। অসমকে ধৰি দেশৰ ১১খন ৰাজ্যত গড় হিচাপত পুৰুষতকৈ মহিলাৰ যৌন সংগী বেছি।
আনহাতে এইকেইখন ৰাজ্যত কিন্তু পত্নীক অন্ধকাৰত ৰাখি পৰ নাৰীৰে যৌন সম্ভোগ কৰা পুৰুষৰ সংখ্যা ৪শতাংশ। ইয়াৰ বিপৰীতে, স্বামীৰ অজ্ঞাতে পৰ পুৰুষৰে যৌন সম্বন্ধ ৰখা মহিলাৰ সংখ্যা ০.৫শতাংশ। ৰাষ্ট্ৰীয় পাৰিবাৰিক স্বাস্থ্য জৰীপ (National Family Health Survey)ত পোহৰলৈ আহিছে এই তথ্য। এই সমীক্ষা পৰিচালনা কৰে কেন্দ্ৰীয় পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে।
১.১ লাখ মহিলা আৰু ১ লাখ পুৰুষৰ মাজত চলোৱা সমীক্ষা মতে, মহিলাৰ যৌন সংগীৰ সংখ্যা কেইবাখনো ৰাজ্য (State) আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ (Union Territories) পুৰুষতকৈ অধিক।
গঁড় হিচাপত মহিলাৰ পুৰুষতকৈ অধিক যৌন সংগী থকা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ হৈছে অসম (Assam), হাৰিয়ানা (Haryana), চণ্ডীগড় (Chandigarh), ৰাজস্থান (Rajasthan), জম্মু কাশ্মীৰ (Jammu and Kashmir), লাডাখ (Ladakh), মধ্য প্ৰদেশ (Madhya Pradesh), কেৰালা (Kerala), লক্ষ্যদ্বীপ (Lakshadweep), পুডুচেৰী (Puducherry) আৰু তামিলনাডু (Tamil Nadu)।
উল্লেখযোগ্য যে, ৰাজস্থানে এই শিতানত শীর্ষস্থান লাভ কৰিছে। গড় হিচাপত মহিলাৰ ৩.১ শতাংশ যৌন সংগী আৰু তাৰ বিপৰীতে পুৰুষৰ ১.৮ শতাংশ।
Photo: Google
Discussion about this post