উত্তৰ প্ৰদেশৰ শ্ৰাবস্তীত এটি বিচিত্ৰ শিশুৱে জন্মগ্ৰহণ কৰে। বিজ্ঞানৰ ভাষাত এনেকুৱা শিশুক প্লাষ্টিকৰ শিশু বুলি কোৱা হয়। এই শিশুটিক প্ৰকৃতিৰ অপৰূপ সৃষ্টি বা ভাগ্যৰ খেল বুলিও ক’ব পাৰে। একেখন ঘৰতে দুবাৰকৈ প্লাষ্টিক শিশুৱে জন্মগ্ৰহণ কৰে। প্ৰথমবাৰ যেতিয়া এই শিশুটিয়ে জন্ম লৈছিল, কিন্তু মিনিটৰ ভিতৰতে তাৰ মৃত্যু হৈছিল। কিন্তু এইবাৰ যিটো শিশুৱে জন্মগ্ৰহণ কৰিছে, সি ২৪ ঘণ্টাতকৈ অধিক সময় উকলি যোৱাৰ পিছতো সম্পূৰ্ণভাৱে সুস্থ হৈ আছে।
৭ মিনিটলৈ জীৱিত হৈ আছিল শিশুটি
শ্ৰাবস্তী জিলাৰ মল্হীপুৰ ক্ষেত্ৰত মল্হীপুৰ খুৰ্দৰ বাসিন্দা জুমইৰ ঘৰত প্লাষ্টিক শিশুৱে জন্মগ্ৰহণ কৰিছে। ইয়াৰ পূৰ্বে ২০২০ত মল্হীপুৰ চিএছচিত জুমইৰ পত্নীয়ে প্লাষ্টিক শিশুৰ জন্ম দিছিল। জন্ম লোৱাৰ ৭ মিনিট পিছত শিশুটিৰ মৃত্যু হৈছিল।
এতিয়ালৈ সুস্থ হৈ আছে শিশুটি
এবাৰ পুনৰ জুমইৰ পত্নীয়ে প্লাষ্টিকৰ শিশু জন্ম দিয়ে। কিন্তু ২৪ ঘণ্টা উকলি যোৱাৰ পিছতো শিশুটি সুস্থ হৈ আছে।
Photo: Google





























Discussion about this post