King Cobra Viral Video: গাৰ নোম শিঁয়ৰি উঠোৱা এই ঘটনাটো দেখি সকলো আচৰিত হৈ উঠিছিল। এগৰাকী মহিলাক এখন বিচনাত জিৰণি লৈ থকা দেখা গৈছিল, তেতিয়া এডাল প্ৰকাণ্ড ফেঁটী সাপ মহিলাগৰাকীৰ পিঠিৰ ওপৰত উঠিছিল আৰু বহু সময়ৰ বাবে তাতেই বহি আছিল (King Cobra Came Sat On The Woman Back)। ভাৰতীয় বন সেৱা (IFS)ৰ বিষয়া সুশান্ত নন্দাই শ্বেয়াৰ কৰা এটা ভিডিঅ’টোত দেখা গৈছে যে এডাল সাপক মহিলাগৰাকীৰ ওপৰত বহি আছে, অৱশ্যে মহিলাগৰাকী সেই স্থিতিতেই শুই থাকিল আৰু সহায়ৰ বাবে অনুৰোধ কৰিলে। IFSৰ বিষয়াগৰাকীয়ে এই আচৰিত ঘটনাটোৰ ভিডিঅ’ শ্বেয়াৰ কৰি কেপচনত লিখিলে, ‘যেতিয়া এনেকুৱা ঘটনা আপোনাৰ লগত সংঘটিত হয়, তেতিয়া আপোনাৰ প্ৰতিক্ৰিয়া (Reaction) কি হ’ব?
Watch Viral Video:
When this happens, what would be your reaction??
For information, the snake moved away after few minutes without out causing any harm…
(As received from a colleague) pic.twitter.com/N9OHY3AFqA— Susanta Nanda (@susantananda3) August 28, 2022
পোষ্টটোৰ শিৰোনাম অনুসৰি, সাপডাল মহিলাগৰাকীৰ পিঠিত প্ৰায় কেইমিনিটমান ধৰি বহি আছিল, কিন্তু মহিলাগৰাকীক কোনোধৰণৰ আঘাত নকৰাকৈ তাৰ পৰা গুচি গৈছিল। এজন ব্যৱহাৰকাৰীয়ে লিখিছিল, “মই তাত থকা মহিলাগৰাকীৰ দৰেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলোহেঁতেন। নিঃশব্দে শিৱৰ নাম লৈ থাকিলো হয়! এই ভিডিঅ’টোৱে প্ৰমাণ কৰে যে ঈশ্বৰৰ ওপৰত বিশ্বাসে জীৱনৰ কঠিন সময়ৰ সন্মুখীন হ’বলৈ শক্তি প্ৰদান কৰে,” আন এজনে এইদৰে কৈছিল, “সৰ্বশ্ৰেষ্ঠ প্ৰতিক্ৰিয়া এইটোৱেই হ’ল হৈ যে কোনোধৰণৰ প্ৰতিক্ৰিয়া নকৰা।”
আন এজন ব্যৱহাৰকাৰীয়ে কৈছিল, “মই যিমান দূৰ জানো সাপে মানুহক বেছি ভয় কৰে। মই ভাবো যে কাৰোবাৰ বিদ্বেষপূৰ্ণ মনোভাৱ নাথাকিলে সাপে আক্ৰমণ নকৰে, সেয়েহে সম্ভৱ হ’লে মানুহে মনে মনে থাকিব লাগে তেনেকুৱা সময়ত।”
Photo: Twitter
Discussion about this post